নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ :ভাৰত বিশ্বৰ আটাইতকৈ বৃহৎ অৰ্থনীতি হোৱাৰ দিশে আগবঢ়াৰ লগে লগে সকলোৱে নিজৰ বাবে এক উন্নত ভৱিষ্যত দেখিবলৈ আৰম্ভ কৰিছে । এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাত অনুষ্ঠিত প্ৰথম ভাৰতীয় কলা, স্থাপত্য আৰু ডিজাইন বিয়েনেল (আইএএডিবি) ২০২৩ উদ্বোধন কৰাৰ পাচতে উপস্থিত ৰাইজক সম্বোধন কৰি এই মন্তব্য কৰে ।
তেওঁ কয় যে ভাৰতৰ অৰ্থনৈতিক বিকাশ সমগ্ৰ বিশ্বৰ প্ৰগতিৰ সৈতে জড়িত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীয়ে নতুন সুযোগ আনিছে । বিশ্বজুৰি ভাৰতৰ অৰ্থনৈতিক সমৃদ্ধিৰ বিষয়ে আলোচনা হোৱাৰ সময়তে ভাৰতৰ গৌৰৱময় অতীতৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যই আজিও সমগ্ৰ বিশ্বৰ পৰ্যটকসকলক আকৰ্ষিত কৰে ।
এই কাৰ্যসূচীৰ সময়তে প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত আত্মনিৰ্ভৰ ভাৰত চেণ্টাৰ ফৰ ডিজাইন আৰু ছাত্ৰ বিয়েনেল-সমোন্নতি উদ্বোধন কৰে । তেওঁ অনুষ্ঠানত এটা ডাক টিকটো মুকলি কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদৰ্শনীও পৰিদৰ্শন কৰে । প্ৰধানমন্ত্ৰীয়ে দিল্লী, কলকাতা, মুম্বাই, আহমেদাবাদ আৰু বাৰাণসীক সাংস্কৃতিক চহৰ হিচাপে গঢ়ি তোলাৰ কথা উল্লেখ কৰি কয় যে ই চহৰসমূহক সাংস্কৃতিকভাৱে অধিক সমৃদ্ধ কৰিব ।