নিউজ ডেস্ক, 17 জানুৱাৰী :ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেকংয়া নাইডুৱে দেওবাৰে কয় যে, ভাৰতৰ সৰ্ববৃহৎ শক্তি হৈছে ইয়াৰ 'জনগাঁথনিগত লাভালাভ' ৷ জনসাধাৰণে বিভিন্ন খণ্ডৰ জৰিয়তে দেশৰ প্ৰগতি দ্ৰুত গতিত আগবঢ়াই নিয়াৰ বাবে ইয়াক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব লাগিব ৷ দেশৰ যুৱশক্তিক আগুৱাই আহি দেশৰ বিকাশক আগবঢ়াই নিয়াত অৰিহণা আগবঢ়াবলৈও আহ্বান জনায় উপৰাষ্ট্ৰপতিগৰাকীয়ে ৷
তেওঁ ৰাজভৱনত দেশৰ প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ ওপৰত লিখা জীৱনী মুকলি কৰাৰ পিছত মন্তব্য প্ৰকাশ কৰি কয় যে, আমি কৃষিৰ পৰা আৰম্ভ কৰি অন্য সামগ্ৰী উৎপাদন আৰু আগন্তুক বছৰবোৰত দ্ৰুত বিকাশৰ হাৰ নিশ্চিত কৰাৰ বাবে বিভিন্ন খণ্ডক দ্ৰুত গতিত প্ৰগতিৰ দিশেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ লাভ উঠাব লাগিব ৷