নেশ্যনেল ডেস্ক, 28 ছেপ্তেম্বৰ :কৰ’ণা ভাইৰাছ নিৰ্মূলকৰণৰ স্বাৰ্থত দেশজুৰি টীকাকৰণ অভিযান দ্ৰুতগতিত অব্যাহত আছে ৷ ভাৰতে যোৱা ৭ দিনত ২ লাখ ক’ভিড 19 আক্ৰান্তৰ প্ৰতিবেদন দাখিল কৰিছিল ৷ এয়া আছিল আক্ৰান্তৰ হাৰৰ দুই-তৃতীয়াংশহে মাথো ৷
ভাৰতত কৰ’ণাত আক্ৰান্তৰ হাৰ পূৰ্বতকৈ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে ৷ তাৰপিছতো দেশত দ্ৰুতগতিত অব্যাহত আছে টীকাকৰণ অভিযান কাৰ্যসূচী ৷ ভাৰতে সোমবাৰে 26,041 টা কৰ’ণা আক্ৰান্তৰ ঘটনাৰ প্ৰতিবেদন দাখিল কৰিছিল ৷ যাৰ হাৰ ক্ৰমাগত তৃতীয় দিনৰ বাবে সৰ্বনিম্ন আছিল ৷ এই তিনিদিনত 30,000 ৰো কম লোক ভাইৰাছবিধত আক্ৰান্ত হৈছিল ৷
পঞ্চমবাৰৰ বাবে, সোমবাৰে ভাৰতত এক কোটি লোকক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে টুইটযোগে সদৰী কৰিছিল এই কথা ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অফিচিয়েল টুইটাৰ হেণ্ডেলত এনেদৰে লিখিছে, "ভাৰতক অভিনন্দন ! আমি এয়া পুনৰ কৰিছো ৷ আজি 1 কোটিতকৈও অধিক প্ৰতিষেধক প্ৰদান কৰা হৈছে" ৷