নেশ্যনেল ডেস্ক, ১৩ আগষ্ট:স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী আছে । ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈছে দেশবাসী । প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজধানী দিল্লীত স্বাধীনতা দিৱসৰ ব্যাপক আয়োজন কৰা হৈছে । লাল কিল্লাত কেন্দ্ৰীয়ভাৱে আয়োজন হ'বলগীয়া স্বাধীনতা দিৱসৰ প্ৰস্তুতি এতিয়া তুংগত ।
ইফালে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু পেৰেডৰো অনুশীলন অব্যাহত আছে । দেওবাৰে লাল কিল্লাত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ পোছাকৰ চূড়ান্ত অনুশীলন আৰম্ভ হয় । সামৰিক বেণ্ড, নৌ আৰু বায়ু সেনা গোটকে ধৰি বিভিন্ন দলে এই অন্তিম পোছাকৰ অনুশীলনত অংশগ্ৰহণ কৰে । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে । ৰাজধানী চহৰৰ প্ৰতিটো প্ৰান্তত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে । লাল কিল্লাৰ ওচৰৰ ঠাইবোৰত অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত জোৱান মোতায়েন কৰা হৈছে ।
লাল কিল্লাত স্বাধীনতা দিৱস উদযাপনৰ বাবে সমগ্ৰ ভাৰতৰ পৰা এইবাৰ ৫০ গৰাকী নাৰ্চিং বিষয়াক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে । নাৰ্চিং বিষয়া জাভেদ মহম্মদে এই পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাই কয় যে এনে মুহূৰ্তবোৰে নাৰ্চসকলক অনুপ্ৰাণিত কৰিব আৰু ইয়াৰ জৰিয়তে নাৰ্চিঙৰ প্ৰতি অধিক আগ্ৰহী হ'ব ।