অসম

assam

মহাৰাষ্ট্ৰ-দিল্লীত কৰ’ণাত আক্ৰান্তৰ মৃত্যুই লৈছে ভয়াৱহ ৰূপ

By

Published : Apr 17, 2021, 7:40 PM IST

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰা মতে, যোৱা ২৪ ঘণ্টাত মুঠ ১,৩৪১ জন লোকৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে । ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত ৩৯৮, দিল্লীত ১৪১, ছত্তিশগড়ত ১৩৮, উত্তৰ প্ৰদেশত ১০৩, গুজৰাটত ৯৪, কৰ্ণাটকত ৭৮, মধ্য প্ৰদেশত ৬০, ঝাৰখণ্ডত ৫৬, পঞ্জাৱত ৫০ আৰু তামিলনাডুত ৩৩ জনে প্ৰাণ হেৰুৱাইছে ।

কৰ'ণাত মৃত্যুৰ সংখ্যাই ভয়াবহ ৰূপ লৈছে মহাৰাষ্ট্ৰ আৰু দিল্লীত
কৰ'ণাত মৃত্যুৰ সংখ্যাই ভয়াবহ ৰূপ লৈছে মহাৰাষ্ট্ৰ আৰু দিল্লীত

নেশ্যনেল ডেস্ক,১৭ এপ্ৰিল: দেশত কৰ'ণাৰ কালৰূপৰ মাজতে আহি পৰিছে এক ভয়ংকৰ তথ্য । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া এক তথ্য অনুসৰি, দেশৰ দহখন ৰাজ্যত মৃত্যু হোৱা লোকৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ আৰু দিল্লী । শনিবাৰে ভাৰতৰ দহখন ৰাজ্যত ৮৫.৮৩ শতাংশ লোকৰ মৃত্যু হয় । মহাৰাষ্ট্ৰ, দিল্লী আৰু ছত্তিশগড়ত যোৱা ২৪ ঘণ্টাত মৃত্যু হোৱা লোকৰ তালিকাভুক্ত মুঠ আক্ৰান্তৰ আধাতকৈও অধিক লোকৰ মৃত্যু হয় । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শনিবাৰে জনায় যে, যোৱা ২৪ ঘণ্টাত মুঠ ১,৩৪১ জন লোকৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত ৩৯৮, দিল্লীত ১৪১, ছত্তিশগড়ত ১৩৮, উত্তৰ প্ৰদেশত ১০৩, গুজৰাটত ৯৪, কৰ্ণাটকত ৭৮, মধ্য প্ৰদেশত ৬০, ঝাৰখণ্ডত ৫৬, পঞ্জাৱত ৫০ আৰু তামিলনাডুত ৩৩ জনে প্ৰাণ হেৰুৱাইছে । সৌভাগ্যক্ৰমে, যোৱা ২৪ ঘণ্টাত নখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কোনো লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ লাভ কৰা নাই । এই নখন ৰাজ্য হৈছে লাডাখ, ডিএণ্ডডি আৰু ডিএণ্ডএন, ত্ৰিপুৰা, ছিকিম, মিজোৰাম, মণিপুৰ, লক্ষদ্বীপ, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ ।

মহাৰাষ্ট্ৰ, ছত্তিশগড়, উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু কেৰালাত মুঠ সক্ৰিয় ঘটনাৰ হাৰ ৬৫.০২ শতাংশ । কেৱল মহাৰাষ্ট্ৰতে দেশৰ মুঠ সক্ৰিয়ৰ হাৰ বেছি । ৰাজ্যখনত মুঠ সক্ৰিয়ৰ হাৰ ৩৮.০৯ শতাংশ । ইফালে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, দিল্লী, ছত্তিশগড়, কৰ্ণাটক, মধ্য প্ৰদেশ, কেৰালা, গুজৰাট, তামিলনাডু আৰু ৰাজস্থানকে ধৰি দহখন ৰাজ্যত ৭৯.৩২ শতাংশ নতুনকৈ কৰ'ণাত আক্ৰান্ত হয় । মহাৰাষ্ট্ৰত দৈনিক সৰ্বাধিক ৬৩,৭২৯ জন লোক মহামাৰীৰ কবলত পৰিছে । মহাৰাষ্ট্ৰৰ পাচতে উত্তৰ প্ৰদেশত ২৭,৩৬০ জন আৰু দিল্লীত ১৯,৪৮৬ জন লোক মহামাৰীৰ কবলত পৰিছে । অৱশ্যে, শনিবাৰে ভাৰতত আৰোগ্য লাভ কৰিছে ১,২৬,৭১,২২০ জন লোকে । এতিয়ালৈ মুঠ আৰোগ্যৰ হাৰ ৮৭.২৩ শতাংশ । যোৱা ২৪ ঘণ্টাত মুঠ ১,২৩,৩৫৪ জনে আৰোগ্য লাভ কৰে ।

লগতে পঢ়ক: দেশৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত কংগ্ৰেছৰ বৈঠক

ABOUT THE AUTHOR

...view details