অসম

assam

ETV Bharat / bharat

অ'টিটিত ১৮৮ বিলিয়ন মিনিট অনুষ্ঠান উপভোগ ভাৰতীয়ৰ

বিগত ফেব্ৰুৱাৰী মাহত ভাৰতীয় লোকে ১৮৮ বিলিয়ন মিনিট সময় ধৰি অ'টিটি প্লেটফৰ্মত অনুষ্ঠান উপভোগ কৰিছিল । স্মাৰ্ট টিভি ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হোৱাকে ধৰি হটষ্টাৰ+ডিজনী, ভূট ছিলেক্ট আৰু হয়চয় আৰু ছান এন এক্স টিৰ দৰে একাধিক আঞ্চলিক এছ ভি অ ডি প্লেটফৰ্ম মুকলি কৰাৰ বাবে ভাৰতত অ'টিটি প্লেটফৰ্মত অনুষ্ঠান উপভোগ কৰা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে । গৱেষণা প্ৰতিষ্ঠান ৰেডশীৰ শেহতীয়া প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে ।

অ'টিটিত ১৮৮ বিলিয়ন মিনিট সময় ধৰি অনুষ্ঠান উপভোগ ভাৰতীয় লোকৰ
অ'টিটিত ১৮৮ বিলিয়ন মিনিট সময় ধৰি অনুষ্ঠান উপভোগ ভাৰতীয় লোকৰ

By

Published : Mar 31, 2021, 1:58 PM IST

নেশ্যনেল ডেস্ক,৩১ মাৰ্চ: ভাৰতত পূৰ্বতকৈ বৃদ্ধি পাইছে অ'টিটি প্লেটফৰ্মত অনুষ্ঠান উপভোগ কৰা লোকৰ সংখ্যা । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় লোকে ১৮৮ বিলিয়ন মিনিট সময় ধৰি অ'টিটি প্লেটফৰ্মত অনুষ্ঠান উপভোগ কৰিছিল । সৰ্বাধিক ৬৯ বিলিয়ন মিনিট সময় দৈনিক ধাৰাবাহিক উপভোগৰ কৰে আৰু ৩১ বিলিয়ন মিনিট ধৰি ছবি উপভোগ কৰে । টেলিকমৰ বিনামূলীয়া সেৱাৰ বাবে অ'টিটি প্লেটফৰ্মত অনুষ্ঠান উপভোগ কৰা লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে ।

দৰ্শকে 'ভূট ছিলেক্ট' এপৰ জৰিয়তে আটাইতকৈ বেছি দৈনিক ধাৰাবাহিক চাইছিল । বেংগালুৰুস্থিত গৱেষণা প্ৰতিষ্ঠান ৰেডশীৰ শেহতীয়া প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে । গৱেষণা প্ৰতিষ্ঠানটোৰ অধ্যয়ন মতে, ছবি উপভোগৰ ক্ষেত্ৰত হটষ্টাৰে ৩৩ শতাংশ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

ৰেডশীৰ তৰফৰ পৰা নিখিল দালাল আৰু উজ্জল চৌধুৰীয়ে কয় যে, মহামাৰীৰ বাবে ব্যৱহাৰকাৰীসকলে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ অথবা ছবিগৃহলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাই । সেয়ে, মূলসূঁতিৰ ছবি আৰু অ'টিটি প্লেটফৰ্মে যুটীয়াভাৱে অনলাইনযোগে নতুন ছবি তথা ছিৰিজ মুক্তি দিবলৈ আৰম্ভ কৰিছে । বিভিন্ন ধৰণেৰে লাভান্বিত হোৱাৰে বাবে বহুতো পোষ্ট-পেইড ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ টেলিকম অপাৰেটৰে প্ৰদান কৰা বাণ্ডলিঙৰ সুযোগ বিকল্প হিচাপে বাছনি কৰিছিল ।

আনকি জিঅ' ফাইবাৰৰ দৰে ব্ৰডবেণ্ড অপাৰেটৰসকলেও প্ৰাইম আৰু নেটফ্লিক্সৰ বিনামূলীয়া সদস্যতাৰ বাবে বাণ্ডলিং বিকল্প প্ৰদান কৰে । আনহাতে, ইউনিক পেইড ব্যৱহাৰকাৰীৰ বিকাশৰ হাৰ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৩৫ শতাংশ হয়গৈ । একে সময়তে সদস্যৰ সংখ্যা ৮ শতাংশ বৃদ্ধি পায় । ফেব্ৰুৱাৰী মাহত সদস্যতাৰ ৰাজহো ৪২ শতাংশ বৃদ্ধি পাইছিল । বিগত বৰ্ষৰ এপ্ৰিল মাহৰ তুলনাত চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত অনুষ্ঠান উপভোগৰ সময় ৬ শতাংশ হ্ৰাস হৈছে ।

কিয়নো, মহামাৰী সংক্ৰমণ হ্ৰাস পোৱা আৰু লক ডাউন শিথিল কৰাৰ পিছত বেছি সংখ্যক ব্যৱহাৰকাৰীয়ে বাহিৰলৈ ওলাই যাবলৈ আৰম্ভ কৰিছে আৰু পূৰ্বৰ দৰে টেলিভিছনতো দৈনিক ধাৰাবাহিক উপভোগ কৰিবলৈ লৈছে । প্ৰতিবেদনত উল্লেখ কৰা মতে, বিগত বৰ্ষত অ'টিটি প্লেটফৰ্মত অনুষ্ঠান উপভোগ কৰি উপভোক্তাৰ আচৰণ মূলতঃ সলনি হৈছে । তেওঁলোকে এতিয়া নতুন অনুষ্ঠানৰ বাবে অ'টিটি প্লেটফৰ্মৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে ।

স্মাৰ্ট টিভি ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হোৱাকে ধৰি হটষ্টাৰ+ডিজনী, ভূট ছিলেক্ট আৰু হয়চয় আৰু ছান এন এক্স টিৰ দৰে একাধিক আঞ্চলিক এছ ভি অ ডি প্লেটফৰ্ম মুকলি কৰাৰ বাবে ভাৰতত অ'টিটি প্লেটফৰ্মত অনুষ্ঠান উপভোগ কৰা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে । ইয়াৰ দ্বাৰা উদ্যোগটোৰ বিকাশৰ গতি তৰান্বিত হ'ব বুলি প্ৰতিবেদখনত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক: শাৰদ পাৱাৰৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন

ABOUT THE AUTHOR

...view details