অসম

assam

ETV Bharat / bharat

আফগানিস্তানত থকা ভাৰতীয় নাগৰিকক ভাৰতলৈ উভতি যোৱাৰ নিৰ্দেশ - ভাৰতীয় দূতাবাস

শীঘ্ৰে ভাৰতলৈ উভতি যোৱাৰ নিৰ্দেশ আফগানিস্তানত থকা ভাৰতীয় নাগৰিকক ৷ আফগানিস্তানত বাণিজ্যিক বিমান বন্ধ হোৱাৰ পূৰ্বেই ভাৰতলৈ উভতি যোৱাৰ বাবে জৰুৰী নিৰাপত্তা পৰামৰ্শ জাৰি কৰিছে ভাৰতীয় দূতাবাসে ৷ আফগানিস্তানত অব্যাহত থকা তালিবান বিদ্ৰোহী গোটসমূহৰ(Taliban insurgent groups) হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ ভাৰতীয় দূতাবাসৰ ৷

Indians in Afghanistan asked to return immediately
আফগানিস্তানত থকা ভাৰতীয় নাগৰিকক ভাৰতলৈ উভতি যোৱাৰ নিৰ্দেশ

By

Published : Aug 11, 2021, 7:38 AM IST

নেশ্যনেল ডেস্ক, 11 আগষ্ট : আফগানিস্তানত থকা ভাৰতীয় নাগৰিকসকলক ভাৰতলৈ উভতি যোৱাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান ভাৰতীয় দূতাবাসৰ ৷ তালিবান বিদ্ৰোহী গোটসমূহৰ(Taliban insurgent groups) দ্বাৰা সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে জৰুৰীভাৱে এক নিৰাপত্তা পৰামৰ্শ জাৰি কৰি কাবুলত থকা ভাৰতীয় দূতাবাসে(Indian embassy in Kabul) ভাৰতীয় নাগৰিকসকললৈ এই আহ্বান জনায় ৷

আফগানিস্তানত বাণিজ্যিক বিমান সেৱা বন্ধ(commercial air services) হোৱাৰ পূৰ্বেই ভাৰতীয় নাগৰিক সকলক ভাৰতলৈ উভতি যোৱাৰ বাবে ভাৰতীয় দূতাবাসে এই জৰুৰী নিৰাপত্তা পৰামৰ্শ জাৰি কৰিছে ৷ আফগানিস্তানৰ বহু ঠাইত হিংসা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বহুতো প্ৰদেশ আৰু চহৰৰ বাবে বাণিজ্যিক বিমান সেৱা বন্ধ হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিক সকললৈ এই আহ্বান জনোৱা হৈছে ৷

পৰামৰ্শটোত এইবুলি উল্লেখ কৰা হয় যে, "আফগানিস্তানলৈ ভ্ৰমণৰ উদ্দেশ্যে অহা বা আফগানিস্তানত থকা আৰু কাম কৰা সকলো ভাৰতীয় নাগৰিকক আফগানিস্তানৰ বিভিন্ন প্ৰান্তৰ পৰা বাণিজ্যিক বিমানৰ উপলব্ধতাৰ বিষয়ে খবৰ ৰখাৰ লগতে তেওঁলোক থকা ঠাইসমূহৰ পৰা বাণিজ্যিক বিমান সেৱা বন্ধ কৰাৰ আগতে ভাৰতলৈ উভতি যোৱাৰ তাৎক্ষণিক ভ্ৰমণ ব্যৱস্থা কৰিবলৈ দৃঢ়ভাৱে পৰামৰ্শ দিয়া হৈছে" ৷

লগতে পঢ়ক:সাংবাদিকক পণবন্দী কৰি ৰাখিছে তালিবানে

উল্লেখ্য যে, Indian Consulate General of India এ মঙলবাৰে মাজাৰ-ই-শ্বৰীফৰ(Mazar-e-Sharif) আশে-পাশে থকা ভাৰতীয় নাগৰিকসকলক সন্ধিয়াৰ ভাগলৈ উৰা মাৰিবলগা বিশেষ বিমানত ভাৰতলৈ ৰাওনা হ'বলৈ অনুৰোধ জনোৱাৰ লগে লগে এই পৰামৰ্শ জাৰি কৰা হয় ৷

তালিবানে এই পৰ্যন্ত আফগানিস্তানৰ ছয়খন প্ৰাদেশিক ৰাজধানী দখল কৰিছে ৷ তালিবানৰ পৰৱৰ্তী দৃষ্টি আফগানিস্তানৰ পঞ্চম বৃহত্তম চহৰ মাজাৰৰ ওপৰত বুলি আশংকা কৰা হৈছে ৷ জৰুৰীভাৱে জাৰি কৰা নিৰাপত্তা পৰামৰ্শৰ জৰিয়তে আফগানিস্তানত থকা ভাৰতীয় কোম্পানীসমূহক(Indian companies in Afghanistan) বিমান ভ্ৰমণ সেৱা বন্ধ হোৱাৰ পূৰ্বে তেওঁলোকৰ ভাৰতীয় কৰ্মচাৰীসকলক আফগানিস্তানৰ প্ৰকল্প ক্ষেত্ৰসমূহৰ পৰা তৎক্ষণাৎ প্ৰত্যাহাৰ কৰিবলৈও আহ্বান জনোৱা হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমান আফগানিস্তানত 1500 ভাৰতীয় নাগৰিক আছে ৷ তেওঁলোকৰ অধিকাংশই যুদ্ধবিধ্বস্ত ৰাষ্ট্ৰখনত ভাৰত চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন প্ৰকল্পত নিয়োজিত শ্ৰমিক আৰু পেছাদাৰী ৷

লগতে পঢ়ক:তালিবানৰ বিৰুদ্ধে পুনৰ আফগান বায়ু সেনাৰ এয়াৰষ্ট্ৰাইক

ABOUT THE AUTHOR

...view details