অসম

assam

ETV Bharat / bharat

Indian Woman married to Pakistani: ভাৰতৰ পৰা গৈ পাকিস্তানী যুৱকৰ সৈতে বিয়াহ বহিল দুই সন্তানৰ মাতৃ

ভাৰতৰ পৰা গৈ পাকস্তানী যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল দুই সন্তানৰ মাতৃ ৷ ইছলাম ধৰ্ম গ্ৰহণ কৰা পাচতেই নছৰুল্লাহ নামৰ যুৱকজনৰ সৈতে আইনী বিবাহ সম্পন্ন হয় মহিলাগৰাকীৰ ৷

By

Published : Jul 25, 2023, 9:11 PM IST

Indian Woman married to Pakistani
Indian Woman married to Pakistani

নেশ্যনেল, 25 জুলাই:ভাৰতৰ পৰা পাকিস্তানলৈ গৈ ইছলাম ধৰ্মী যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ল ৰাজস্থানৰ অঞ্জু নামৰ এগৰাকী হিন্দু মহিলা ৷ দুটা সন্তানৰ মাতৃ আছিল 34 বছৰীয়া মহিলাগৰাকী ৷ পাকিস্তানত নছৰুল্লাহ নামৰ যুৱকজনৰ সৈতে বিবাহ পাশত আবদ্ধ হয় অঞ্জু ৷ পাকিস্তানৰ এগৰাকী আৰক্ষী বিষয়াই সংবাদ সংস্থা PTIৰ আগত সদৰী কৰিছে এই কথা ৷

উল্লেখ্য যে 2019 চনত ফেচবুকৰ জৰিয়তে নছৰুল্লাহ সৈতে চিনাকী হৈছিল মহিলাগৰাকী ৷ আৰক্ষী বিষয়াগৰাকীয়ে কয়, ‘‘ছৰুল্লাহ আৰু অঞ্জুৰ বিবাহ মঙলবাৰে সম্পন্ন হৈছে ৷ অঞ্জুৱে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পাচতেই দুয়োৰে বিবাহ প্ৰক্ৰিয়া সম্পন্ন হয় ৷’’

আৰক্ষী বিষয়াজনে লগতে কয় যে নছৰুল্লাহ আৰু অঞ্জু আদালতত উপস্থিত হয় ৷ আৰক্ষী আৰু উকীলৰ উপস্থিত দুয়োৰে বিবাহ নিশ্চিত কৰে ৷ মহিলাগৰাকীয়ে নাম ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পাচত তেওঁৰ নাম ফাতিমা ৰখা হয় ৷ বিবাহ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাচত নিৰাপত্তাৰ মাজেৰে মহিলাগৰাকীক ঘৰলৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে জন্ম সূত্ৰে মহিলাগৰাকী উত্তৰ প্ৰদেশৰ আছিল যদিও ৰাজস্থানৰ আলৱাৰ জিলাৰ স্থায়ী বাসিন্দা আছিল ৷ বিবাহ সম্পন্ন হোৱাৰ পাচতে মহিলাগৰাকীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি ‘পাকিস্তানত সুৰক্ষিত অনুভৱ কৰা’ বুলি উল্লেখ কৰে ৷

মহিলাগৰাকীয়ে লগতে কয়, ‘‘মই সকলোকে এটা বাৰ্তা দিব বিচাৰো যে মই আইনীভাৱে আৰু পৰিকল্পনাৰে ইয়ালৈ আহিছো ৷ মই ইয়াত সুৰক্ষিত ৷ মই সকলো সংবাদ মাধ্যমৰ লোকক মোৰ আত্মীয় আৰু সন্তানক হাৰাশাস্তি নকৰিবলৈ অনুৰোধ জনাইছো ৷’’ অঞ্জু ৰাজস্থানৰ অৰবিন্দৰ নামৰ যুৱকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ এগৰাকী 15 বছৰীয়া কন্যা আৰু এটা 6 বছৰীয়া পুত্ৰ আছে ৷

অঞ্জুৱে আইনগতভাৱে ভাৰতৰ পৰা ৱাঘা-আটাৰী সীমান্তৰ মাজেৰে পাকিস্তানত প্ৰৱেশ কৰে ৷ পাকিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰালয়ে নতুন দিল্লীৰ পাকিস্তান উচ্চ আয়ুক্তলৈ প্ৰেৰণ কৰা এক চৰকাৰী দস্তাবেজ অনুসৰি, অঞ্জুক কেৱল ৩০ দিনৰ ভিছা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷

লগতে পঢ়ক:Domestic Violence : তৃতীয় লিংগৰ সৈতে বিয়াত বহি বিপদত পাটনাৰ যুৱক !

ABOUT THE AUTHOR

...view details