নেশ্যনেল ডেস্ক,২৪ জুলাই : সীমা হায়দৰৰ কথা আপুনি নিশ্চয় শুনিছে । প্ৰেমৰ বাবে কেনেদৰে ৪ সন্তানৰ সৈতে ভাৰতত উপস্থিত হৈছিল মহিলাগৰাকী । এইবাৰ অনুৰূপ এক ঘটনা সংঘটিত হৈছে । পাকিস্তানী এজন লোকৰ প্ৰেমত পৰি ভাৰতৰ পৰা গৈ পাকিস্তান পালে এগৰাকী মহিলা । ৰাজস্থানৰ ভিৱাড়ীৰ বাসিন্দা অঞ্জু নামৰ মহিলাগৰাকীয়ে পাকিস্তানত উপস্থিত হোৱাৰ খবৰ পোৱা গৈছে । আনহাতে, এই সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে ভাৰতত থকা মহিলাগৰাকীৰ স্বামীক সোধা-পোছা কৰিছে ।
অঞ্জুৰ স্বামীৰ মতে তেওঁক পত্নীয়ে জয়পুৰলৈ ফুৰিবলৈ যোৱাৰ কথা কৈছিল । তাৰ পাছত তেওঁ ক'লৈ গৈছিল ? সেই বিষয়ে তেওঁ একো নাজানে । আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে অঞ্জুৱে সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানৰ লাহোৰৰ বাসিন্দা এজন যুৱকৰ সৈতে চিনাকী হৈছিল আৰু সেই যুৱকজনকে সাক্ষাতৰ বাবে অঞ্জুৱে পাকিস্তানলৈ গৈছে । কিন্তু তেওঁ কেনেকৈ পাকিস্তানলৈ গ'ল ?
ভিৱাড়ীৰ বাসিন্দা অঞ্জুৰ স্বামী অৰবিন্দ মূলতঃ উত্তৰ প্ৰদেশৰ । তেওঁ ২০০৭ চনৰ পৰা ভিৱাড়ীত বাস কৰি আছে । অৰবিন্দে কোৱা মতে যে তেওঁ ডাটা এণ্ট্ৰিৰ কাম কৰে । তেওঁৰ পত্নী অঞ্জুৱে এটা হোণ্ডা কোম্পানীত কাম কৰে । অঞ্জু পূৰ্বে হিন্দু আছিল । কিন্তু পাছত তেওঁ খ্ৰীষ্টান ধৰ্ম লয় । অৰবিন্দ আৰু অঞ্জুৰ দুগৰাকী কন্যা সন্তানো আছে ।
অৰবিন্দে কোৱা মতে তিনিদিন পূৰ্বে অঞ্জুৱে ফুৰিবলৈ বাহিৰলৈ গৈছিল । অঞ্জুৱে স্বামীক কৈ গৈছিল যে তেওঁ এজন বন্ধুক লগ কৰিবলৈ জয়পুৰলৈ গৈছে । তাৰ পাছত তেওঁ জানিব পাৰিছে যে পত্নী অঞ্জু এতিয়া পাকিস্তানৰ লাহোৰত আছে । অৰবিন্দে আশা কৰিছে যে পত্নী পুনৰ ঘূৰি আহিব । অঞ্জুক যোগাযোগ কৰিবলৈ তেওঁ চেষ্টা অব্যাহত ৰাখিছে ।