ইণ্টাৰনেশ্যনেল ডেস্ক, ২৮ ফ্ৰেব্ৰুৱাৰী :যুদ্ধপীড়িত ইউক্ৰেইন সীমান্তত ভাৰতীয় শিক্ষাৰ্থী নিৰ্যাতনৰ সন্মুখীন হোৱাৰ অভিযোগ । ৰোমানিয়া আৰু পোলেণ্ড সীমান্তত নিৰ্যাতনৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন (Indian students harassment Ukraine) কৰিছে বহু ভাৰতীয় শিক্ষাৰ্থীয়ে । শিক্ষাৰ্থীসকলৰ ভিতৰত থকা বহুকেইগৰাকী ছোৱালীও সীমান্তত নিয়োজিত সৈনিকৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে ।
ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ পৰিস্থিতি সাপেক্ষে সংঘৰ্ষক্ষেত্ৰৰ পৰা আঁতৰি পোলেণ্ড, ৰোমানিয়া আৰু হাংগেৰীৰ সীমান্তৱৰ্তী পশ্চিম অঞ্চললৈ যাবলৈ পৰামৰ্শ দিছিল । সেই অনুসাৰে সীমান্তত উপস্থিত হোৱা শিক্ষাৰ্থীসকলে জনাইছে যে প্ৰতিটো দিন বাগৰাৰ লগে লগে সীমান্তৰ বাংকাৰবোৰত পৰিস্থিতি অৱনতি ঘটিছে ।
তেওঁলোকে প্ৰকাশ কৰা ভিডিঅ' অনুসৰি যিসকল শিক্ষাৰ্থীক সুৰক্ষিতভাৱে কিয়েভৰ পৰা পশ্চিম সীমান্তলৈ লৈ যোৱা হৈছিল তেওঁলোক ৰাছিয়ান সেনাৰ দ্বাৰা পোলেণ্ড আৰু ৰোমানিয়াৰ সীমাত বৰ্বৰতাৰ সন্মুখীন হৈছিল ।
ইউক্ৰেইন বাহিনীয়ে ভাৰতীয় শিক্ষাৰ্থীসকলক পাৰ হ'বলৈ দিয়া নাছিল আৰু তেতিয়াই ৰাছিয়ান সেনাই গুলীচালনা কৰিছিল । এনে পৰিস্থিতিৰ মাজতে ৰাছিয়াৰ সেনাই কেইবাগৰাকীও যুৱতীক কাঢ়ি লৈ যায় । আনকি বহুকেইগৰাকীৰ ওপৰত আক্ৰমণো চলায় । এনে পৰিস্থিতিত ভাৰতীয় শিক্ষাৰ্থীসকলে ভাৰতীয় দূতাবাসক অৱগত কৰাৰ পাছতো তেওঁলোকৰ তৰফৰ পৰা কোনো সঁহাৰি নোপোৱাৰো অভিযোগ উত্থাপন হৈছে ।
শেহতীয়া তথ্য অনুসৰি খাৰকিভ, চুমি আৰু কিয়েভত তীব্ৰ যুঁজ চলি আছে । যাৰ ফলশ্ৰুতিত বিভিন্ন প্ৰান্তত সান্ধ্য আইন জাৰি কৰা হৈছে । ফলস্বৰূপে ভাৰতীয় শিক্ষাৰ্থীসকল ওচৰৰ ৰে’ল ষ্টেচনবোৰলৈ যাবলৈ অসুবিধাৰ সন্মুখীন হোৱা বুলিও তেওঁলোকে সদৰী কৰে ।