অসম

assam

ETV Bharat / bharat

সাৱধান: ভাৰতীয় চিম ব্যৱহাৰ কৰি চীনা চোৰাংচোৱাৰ লুণ্ঠন - ভাৰতীয় চিম ব্যৱহাৰ কৰি চীনা চোৰাংচোৱাৰ লুণ্ঠন

ভাৰতীয় লোকৰ বেংক একাউণ্টত থকা ধনৰ ওপৰত চকু পৰিছে ভাৰতৰ তীব্ৰ প্ৰতিদ্বন্দী ৰঙা চীনৰ । চীনৰ চোৰাংচোৱা সংস্থাৰ এটা দলে এইবাৰ ভাৰতীয় চিম ব্যৱহাৰ কৰি একাউণ্ট হেক কৰাৰ লগতে বিত্তীয় প্ৰৱঞ্চনাত জড়িত হৈ পৰিছে । ভাৰতীয় সংস্থাসমূহে ইতিমধ্যে তেনেধৰণৰ ভাৰতীয় ১,৩০০ খন চিমৰ তথ্য উদঘাটনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । এজন চীনা নাগৰিক আটক হোৱাৰ পাচতে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷

China for frauds under lens
ভাৰতীয় চিম ব্যৱহাৰ কৰি চীনা চোৰাংচোৱাৰ লুণ্ঠন

By

Published : Jun 13, 2021, 9:22 PM IST

নেশ্যনেল ডেস্ক,১৩ জুন:ৰঙা চীনৰ পৰা পুনৰবাৰ সাৱধান হোৱাৰ সময় আহিল । এইবাৰ ভাৰতীয় লোকৰ বেংক একাউণ্টত থকা ধনৰ ওপৰত চকু পৰিছে ভাৰতৰ তীব্ৰ প্ৰতিদ্বন্দী দেশখনৰ । ৰঙা চীনৰ চোৰাংচোৱা সংস্থাৰ এটা দলে এইবাৰ ভাৰতীয় চিম ব্যৱহাৰ কৰি একাউণ্ট হেক কৰাৰ লগতে বিত্তীয় প্ৰৱঞ্চনাত জড়িত হৈ পৰিছে । ভাৰতীয় সংস্থাসমূহে ইতিমধ্যে তেনেধৰণৰ ১,৩০০ খন ভাৰতীয় চিমৰ তথ্য উদঘাটনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

এক সূত্ৰৰ পৰা জানিব পৰা মতে, ভাৰতৰ বাহিৰৰ পৰা চলোৱা যিকোনো চিম কাৰ্ডৰ সৈতে সম্পৰ্কিত কোনো সন্দেহজনক লিংক পোৱাৰ পিছতে সংশ্লিষ্ট সংস্থাসমূহক প্ৰতিবেদন দিবলৈ সকলো টেলিকম অপাৰেটৰক নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি, সংস্থাবোৰে টেলিকম অপাৰেটৰৰ(Telecom operators) পৰা ২০১০ চনৰ পৰা চীনৰ পৰা পৰিচালনা কৰা সকলো ভাৰতীয় চিম কাৰ্ডৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ বিচাৰিছে । এজেঞ্চিবোৰে একাউণ্ট হেক কৰিবলৈ আৰু অন্যান্য বিত্তীয় প্ৰৱঞ্চনা কৰিবলৈ ১,৩০০ চিম কাৰ্ড ব্যৱহাৰ কৰা বুলি জানিবলৈ পোৱাৰ পাচত এই পদক্ষেপ লোৱা হৈছে ।

উল্লেখ্য যে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল হান জুনৱে (Han Junwe) নামৰ এগৰাকী চীনা অনুপ্ৰৱেশকাৰী (Chinese immigrants)ক । অনুপ্ৰৱেশকাৰীজনক জেৰাৰ পাচতে ৰঙা চীনৰ এই ভয়ংকৰ কাৰ্যকলাপৰ কথা পোহৰলৈ আহিছে । জেৰাৰ সময়ত ৩৬ বছৰীয়া চীনা নাগৰিক হানে স্বীকাৰ কৰিছে যে তেওঁ ২০১০ চনৰ পৰা ভুৱা নথি ব্যৱহাৰ কৰি ভাৰতৰ পৰা এতিয়ালৈকে প্ৰায় ১,৩০০ খন ভাৰতীয় চিম কাৰ্ড চীনলৈ লৈ গৈছে । হানে তেওঁৰ সহযোগীসকলৰ জৰিয়তে চিম কাৰ্ডবোৰ অন্তৰ্বাসত লুকুৱাই চীনলৈ প্ৰেৰণ কৰিছিল ।

ইফালে পশ্চিমবংগৰ মালদা জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা সন্দেহযুক্ত চীনা চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা সীমান্ত সুৰক্ষা বাহিনীয়ে(BSF) কয় যে, এই চিম কাৰ্ডবোৰ একাউণ্ট হেক কৰিবলৈ আৰু অন্যান্য বিত্তীয় প্ৰৱঞ্চনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল । বিএছএফে লগতে কয় যে, ধন লেনদেন যন্ত্ৰৰ (money transaction machines) পৰা ধন উলিয়াবলৈ চিম কাৰ্ড ব্যৱহাৰ কৰা লোকসকলক প্ৰৱঞ্চনা কৰাৰ উদ্দেশ্য আছিল চীনা সংস্থাটোৰ ।

জানিব পৰা মতে, ইতিমধ্যে গুৰুগ্ৰামৰ "ষ্টাৰ স্প্ৰিং" নামৰ হোটেলখনত সংস্থাসমূহে তালাচী চলাইছে য'ৰ পৰা ধৃত চীনা নাগৰিকজন আৰু কিছু সহকৰ্মীয়ে কাম কৰি আছিল । সম্প্ৰতি পশ্চিমবংগ আৰক্ষীৰ জিম্মাত আছে চীনা নাগৰিকজন ।

উল্লেখ্য যে, চীনৰ হুবেই(Hubei) চহৰৰ বাসিন্দা হানে ২ জুনত বাংলাদেশত প্ৰৱেশ কৰিছিল । জেৰা আৰু তেওঁৰ পৰা উদ্ধাৰ হোৱা পাছপোৰ্টৰ পৰা জানিব পৰা গৈছে যে হান ২ জুনত ব্যৱসায়িক ভিছাৰে ঢাকাত উপস্থিত হৈছিল আৰু তাত এজন চীনা বন্ধুৰ সৈতে আছিল । ৮ জুনত তেওঁ বাংলাদেশৰ চাপাইনাৱাবগঞ্জ জিলাৰ সোনা মছজিদলৈ আহিছিল আৰু তাত এখন হোটেলত আছিল । বৃহস্পতিবাৰে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে বিএছএফৰ জালত পৰে হান ।

জেৰাৰ সময়ত তেওঁ কৈছে যে, চাৰিবাৰতকৈও অধিক তেওঁ ভাৰত ভ্ৰমণ কৰিছিল । ২০১০ চনত হায়দৰাবাদলৈ আৰু ২০১৯ চনৰ পাচত তিনিবাৰ দিল্লী আৰু গুৰুগ্ৰামলৈ আহিছিল । হানে জেৰাৰ সময়ত উল্লেখ কৰা মতে, তেওঁৰ এজন ব্যৱসায়িক অংশীদাৰ চান জিয়াঙে তেওঁক ১০-১৫ খন ভাৰতীয় চিম দিছিল । যিবোৰ তেওঁ আৰু তেওঁৰ পত্নীয়ে গ্ৰহণ কৰিছিল । কিন্তু কিছুদিন পূৰ্বে চান জিয়াঙ লক্ষ্ণৌৰ সন্ত্ৰাসবাদী বিৰোধী দলৰ হাতত গ্ৰেপ্তাৰ হৈছে । চান জিয়াঙে এ.টি.এছৰ (ATS) সন্মুখত হান আৰু তেওঁৰ পত্নীৰ নাম প্ৰকাশ কৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল। যাৰ বাবে হানে চীনত ভাৰতীয় ভিছা লাভ কৰা নাছিল আৰু ভাৰতলৈ অহাৰ বাবে বাংলাদেশ আৰু নেপালৰহে ভিছা লাভ কৰিছিল।

উল্লেখ্য যে চীনা নাগৰিক হান জুনৱেৰ পৰা এটা এপল লেপটপ, দুটা আইফোন ম'বাইল, এখন বাংলাদেশী চিম, এখন ভাৰতীয় চিম, দুখন চীনা চিম, দুটা পেন ড্ৰাইভ, তিনিটা বেটাৰী, দুটা সৰু টৰ্চ, পাঁচটা ধন লেনদেন যন্ত্ৰ, দুখন এটিএম আৰু মাষ্টাৰ কাৰ্ড, আমেৰিকান ডলাৰ, বাংলাদেশী টকা আৰু ভাৰতীয় মুদ্ৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ।

লগতে পঢ়ক:উত্তৰাখণ্ডৰ বিৰোধী দলপতি ইন্দিৰা হৃদয়েশৰ ইহলীলা সম্বৰণ

ABOUT THE AUTHOR

...view details