অসম

assam

ETV Bharat / bharat

Asian Games 2023: পুনৰ দেশলৈ আন এটা স্বৰ্ণ পদক, মহিলাৰ দলীয় 25 মিটাৰ পিষ্টল ইভেণ্টত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয়

এছিয়ান গেমছত ভাৰতে পুনৰ লাভ কৰিলে এটা স্বৰ্ণ পদক ৷ মহিলাৰ দলীয় 25 মিটাৰ পিষ্টল ইভেণ্টত ভাৰতীয় শ্বুটাৰসকলে লাভ কৰে স্বৰ্ণ পদক ৷ ভাৰতে বৰ্তমানলৈ 19 সংখ্যক এছিয়ান গেমছ প্ৰতিযোগিতাত লাভ কৰিছে 16 টাকৈ পদক ৷

Indian shooters win gold medal in womens 25m pistol team event
মহিলাৰ দলীয় 25 মিটাৰ পিষ্টল ইভেণ্ট

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 11:41 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ:দেশৰ ক্ৰীড়া জগতলৈ সুখবৰ ৷ 19 সংখ্যক এছিয়ান গেমছ প্ৰতিযোগিতাতমহিলাৰ দলীয় 25 মিটাৰ পিষ্টল ইভেণ্টত ভাৰতীয় শ্বুটাৰসকলে লাভ কৰে স্বৰ্ণ পদক ৷ বুধবাৰে চীনৰ হাংঝুত অনুষ্ঠিত এছিয়ান গেমছত মহিলাৰ 25 মিটাৰ পিষ্টল দলীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তিনি ভাৰতীয় মনু ভাকেৰ, এছা সিং আৰু ৰিদম চাংৱানে স্বৰ্ণ পদক লাভ কৰে ।

ভাৰতৰ মুঠ স্ক’ৰ আছিল 1759, এই স্ক’ৰ চীনতকৈ তিনিগুণ বেছি । 1742 স্ক’ৰেৰে ব্ৰঞ্জৰ পদক লাভ কৰে ৰিপাব্লিক অৱ কোৰিয়াই ।

মনুৱে 590 ৰানৰ শ্বট দি অৰ্হতা ৰাউণ্ডত শীৰ্ষস্থান দখল কৰে । এছাই 586 ৰানেৰে পঞ্চম স্থান দখল কৰে । ৰিদমে 583 ৰানেৰে সপ্তম স্থান দখল কৰে যদিও যিহেতু প্ৰতিখন দেশতে মাত্ৰ দুজন শ্বুটাৰেহে ফাইনেলত অংশগ্ৰহণ কৰিব পাৰে, সেয়েহে তেওঁ খেলিব নোৱাৰিলে । চলিত এছিয়ান গেমছত ভাৰতে যথেষ্ট উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ৷ 25 ছেপ্টেম্বৰৰ দিনা অনুষ্ঠিত মহিলা ক্ৰিকেট প্ৰতিযোগিতাতো বিশেষ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল ভাৰতীয় মহিলা ক্ৰিকেটৰ দলটোৱে ৷

এছিয়ান গেমছৰ ফাইনেলত ভাৰতৰ মহিলা ক্ৰিকেট দলে লাভ কৰে স্বৰ্ণ পদক । শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলক 19 ৰাণত পৰাস্ত কৰি ভাৰতীয় মহিলা দলটোৱে সোণৰ পদক লাভ কৰে ।

তদুপৰি, পুৰুষৰ হকী খেলটো ভাৰতীয় দলটোৱে যথেষ্ট উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল ভাৰতীয় খেলুৱৈৰ দলটোৱে ৷

উল্লেখ্য যে, 23 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা চলি থকা 19 সংখ্যক এছিয়ান গেমছ প্ৰতিযোগিতাত ভাৰতে বৰ্তমানলৈ লাভ কৰিছে 16 টা পদক ৷ ইয়াৰে ভিতৰত আছে 4 টা সোণ, 5 টা ৰূপ আৰু 7 টা ব্ৰঞ্জৰ পদক ।

লগতে পঢ়ক :Asian Games 2023 : এছিয়ান গেমছত ভাৰতৰ পদকৰ সংখ্যা ১১ লৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details