নেশ্যনেল ডেস্ক, 21 ফেব্ৰুৱাৰী:20 ফেব্ৰুৱাৰীত ভাৰতীয় নৌসেনা আৰু ভাৰতীয় বায়ুসেনাই এক যৌথ অভিযান চলাই তপোবনৰ পাঁচ কিলোমিটাৰ উৰ্ধত গঠিত হিমবাহৰ গভীৰতা জোখাৰ বাবে প্ৰচেষ্টা চলায় ৷ এই যুটীয়া অভিযানত ভাৰতীয় বায়ুসেনাৰ উন্নত হেলিকপ্তাৰৰ সহায়ত সাগৰ স্তৰৰ প্ৰায় 14,000 ফুট উচ্চতাত নৌবাহিনীৰ ডুবাৰুসকলক ৰাখি হিমবাহৰ গভীৰতা জোখাৰ বাবে চেষ্টা চলায় ৷
ডুবাৰু সকলৰ এই গুৰুত্বপূৰ্ণ তথ্য বৈজ্ঞানিক সকলে বান্ধটোৰ বোকাবেৰৰ ওপৰত পৰা চাপ নিৰ্ধাৰণ কৰাৰ বাবে ব্যৱহাৰ কৰিব ৷ নৌসেনাৰ ডুবাৰু সকলে হিমশীতল পানীৰ কাষলৈ গৈ হেলিকপ্তাৰৰ দ্বাৰা ওলমি থাকি মাপ জোখাৰ এই প্ৰত্যহ্বানমূলক কামটো গ্ৰহণ কৰি এক গভীৰতা জোখা যন্ত্ৰ প্ৰয়োগৰ জৰিয়তে মাপ লয় ৷ উল্লেখ্য যে, সমগ্ৰ অভিযানৰ কালছোৱাত ভাৰতীয় বায়ুসেনাৰ পাইলট সকলে অতি দুৰ্গম অঞ্চলসমূহতো নিজৰ সঠিক স্থিতি বজাই ৰাখে ৷