অসম

assam

By

Published : May 29, 2021, 5:47 PM IST

ETV Bharat / bharat

দেশত অক্সিজেন এক্সপ্ৰেছৰ দ্বাৰা ২০ হাজাৰ মেট্ৰিক টন অক্সিজেন যোগান

ক'ভিড-১৯ৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে ভাৰতীয় ৰে'লৱেৰ অক্সিজেন এক্সপ্ৰেছেৰে সমগ্ৰ দেশত ২০ হাজাৰ মেট্ৰিক টন যোগান ধৰা হৈছে । ইতিমধ্যে ৩০০ খন অক্সিজেন এক্সপ্ৰেছে যাত্ৰা সম্পূৰ্ণ কৰিছে ।

Indian Railways' Oxygen Express has delivered 20,000 MT oxygen
সমগ্ৰ দেশত ২০ হাজাৰ মেট্ৰিক টন অক্সিজেন যোগান ধৰিছে অক্সিজেন এক্সপ্ৰেছে

নেশ্যনেল ডেস্ক, ২৯ মে': মহামাৰীয়ে দেশত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ মাজতে দেশৰ ভিন্ন প্ৰান্তত যোগান ধৰা হৈছে চিকিৎসা অক্সিজেন । শনিবাৰে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে যে, এতিয়ালৈকে ভাৰতীয় ৰে'লৱেৰ অক্সিজেন এক্সপ্ৰেছেৰে সমগ্ৰ দেশতে ২০,০০০ মেট্ৰিক টন চিকিৎসা অক্সিজেন যোগান ধৰা হৈছে ।

মন্ত্ৰীগৰাকীয়ে টুইটযোগে লগতে জনাইছে যে, মুঠ ৩০০ খন অক্সিজেন এক্সপ্ৰেছ ৰে'লে এতিয়ালৈকে যাত্ৰা সম্পূৰ্ণ কৰিছে । মূলতঃ মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, কৰ্ণাটক, তামিলনাডু, কেৰালা, মধ্য প্ৰদেশ, তেলেংগানা, ৰাজস্থান, উত্তৰাখণ্ড, অন্ধ্ৰ প্ৰদেশ, অসম আদি ৰাজ্যলৈ এই অক্সিজেন এক্সপ্ৰেছেৰে অক্সিজেন প্ৰেৰণ কৰা হৈছে ।

অক্সিজেনৰ নাটনিৰ সময়ত কিছু সকাহ দিয়াৰ উদ্দেশ্যেৰে এনেদৰে অক্সিজেন এক্সপ্ৰেছেৰে কেন্দ্ৰই অক্সিজেন যোগান ধৰিছে ।

লগতে পঢ়ক:আছাম ৰাইফলছৰ অভিযানত জব্দ ৯ কোটি টকাৰ চোৰাং সামগ্ৰী

ABOUT THE AUTHOR

...view details