অসম

assam

ETV Bharat / bharat

প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰে'লৱেত 'Pod' retiring room - মুম্বাই চেন্ট্ৰেল ষ্টেচন

যাত্ৰীক অধিক সুবিধা প্ৰদান কৰিবলৈ মুম্বাই চেন্ট্ৰেল ষ্টেচন(Mumbai Central Railway station)ত উদ্বোধন কৰা হ'ল 'Pod' retiring room । প্ৰাথমিক প্ৰয়োজনীয় সামগ্ৰীৰে সু-সজ্জিত এই কোঠাবোৰত জিৰণি লৈ যাত্ৰীয়ে অপেক্ষা কৰিব পাৰিব তেওঁলোকৰ নিৰ্দিষ্ট ৰে'লখন আহি পোৱালৈকে । প্ৰথমে জাপানত এই 'Pod' retiring room উপলব্ধ কৰা হৈছিল ।

Indian Railways introduces first 'Pod' retiring rooms in Mumbai central station
প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰে'লৱেত 'Pod' retiring room

By

Published : Nov 18, 2021, 4:08 PM IST

নেশ্যনেল ডেস্ক, ১৮ নৱেম্বৰ: নিৰ্দিষ্ট ৰে'লখন ষ্টেচন আহি পোৱালৈকে যদি কেইবা ঘণ্টাৰো ব্যৱধান থাকে তেন্তে ষ্টেচনত সময় কটোৱা বহুতৰে বাবে অসুবিধাজনক হৈ পৰে । প্ৰয়োজনীয় সা-সুবিধাসমূহ উপলব্ধ নোহোৱাৰ বাবে হাৰাশাস্তি ভূগিবলগীয়া হয় যাত্ৰীয়ে । বুধবাৰে যাত্ৰীৰ সুবিধাৰ্থে প্ৰথমবাৰৰ বাবে 'Pod' retiring room উদ্বোধন কৰিলে ভাৰতীয় ৰে'ল বিভাগে(Indian Railways) । কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাওচাহেব পাটিল দানৱে(Raosaheb Patil Danve) বুধবাৰে মুম্বাই চেন্ট্ৰেল ষ্টেচন(Mumbai Central Railway station)ত এই কোঠাবোৰ উদ্বোধন কৰে ।

টুইটযোগে, 'Pod' কোঠাবোৰৰ ফটো শ্বেয়াৰ কৰে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে । প্ৰথমে জাপানত এই 'Pod' retiring room উপলব্ধ কৰা হৈছিল । এই কোঠাবোৰত প্ৰাথমিক প্ৰয়োজনীয় প্ৰায়বোৰ সামগ্ৰী উপলব্ধ হৈ আছে । ভাৰতীয় ৰে'লৱে কেটাৰিং এণ্ড টুৰিজম কৰ্পোৰেচন(Indian Railway Catering and Tourism Corporation)ৰ মতে, এই সুবিধা যাত্ৰীসকলৰ বাবে বিশেষকৈ ব্যৱসায়িক ভ্ৰমণত এক গেমচেঞ্জাৰ হিচাপে পৰিগণিত হ'ব । এই কোঠাবোৰ আৰামদায়ক হোৱাকৈ ডিজাইন কৰা হৈছে ।

প্ৰতিটো 'Pod' কোঠাত বিনামূলীয়া ৱাই-ফাই, বেগবোৰ থোৱা স্থান, টয়লেট, শ্বাৱাৰ ৰুম, সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ ৱাছৰুমৰ ব্যৱস্থা আছে । এই কোঠাবোৰৰ ভিতৰত থকা সময়ত যাত্ৰীয়ে টিভি, সৰু লকাৰ, আইনা, এয়াৰ কণ্ডিচনাৰ আৰু এয়াৰ ফিল্টাৰ ভেণ্ট, পঢ়িবলৈ ব্যৱহাৰ কৰা লাইট আদি সুবিধা লাভ কৰিব । অন্যান্য লাইট, মোবাইল চাৰ্জিঙৰ ব্যৱস্থা, স্ম'ক ডিটেক্টৰ, ডিএনডি ইণ্ডিকেটৰ আদিৰো ব্যৱস্থা আছে এই বিশেষ কোঠাবোৰত ।

লগতে পঢ়ক:Communist এ শোষণ চলাইছিল ত্ৰিপুৰাৰ কৃষকক : বিপ্লৱ কুমাৰ দেব

ABOUT THE AUTHOR

...view details