নেশ্যনেল ডেস্ক, 6 অক্টোবৰ:দেশজুৰি উৎসৱৰ বতৰ ৷ দেশৰ বিভিন্ন প্ৰান্তত নিজা ৰীতি-নীতিৰে সকলোৱে উলহে মালহে পালন কৰিছে উৎপাৰ্বনসমূহ ৷ ইয়াৰ লগে লগে নিজ গৃহৰ পৰা বাহিৰত থকা লোকসকল ঘৰমুৱা হোৱা পৰিলক্ষিত হৈছে ৷ উৎসৱৰ বতৰৰ বাবে যাত্ৰীৰ যথেষ্ট ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰে'লৱে প্লেটফৰ্মত ৰে'লৰ টিকটৰ মূল্য ৩১ অক্টোবৰলৈকে তিনিগুণ বৃদ্ধি কৰা হৈছে (Indian railway hikes platform ticket rate)৷
দিল্লী বিভাগীয় ৰে'ল প্ৰৱন্ধকে (ডিআৰএম) (Delhi Divisional Railway Manager) জাৰি কৰা এই নিৰ্দেশনাত প্ৰতিটো টিকটৰ মূল্য 10 টকাৰ পৰা 30 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে ( Platform ticket rate hikes till October 31)৷ উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলে ভিৰ কৰা পৰিলক্ষিত হোৱা বুলি প্ৰৱন্ধকগৰাকীয়ে জানিবলৈ দিয়ে ৷