নিউজ ডেস্ক, 11 আগষ্ট :মল্লবীৰ বিনেশ ফোগটক ভাৰতীয় ৰেছলিং ফেডাৰেছনে নিলম্বন কৰাৰ পিছত সৃষ্টি হৈছে আন এক বিতৰ্ক ৷ ভাৰতীয় ৰেছলিং ফেডাৰেছনৰ সভাপতি ব্ৰীজভূষণ চৰণ সিঙে শেহতীয়াকৈ মল্লযুঁজাৰু গৰাকীৰ প্ৰশিক্ষণৰ বাবদ ভাৰত চৰকাৰে ব্যয় কৰা 1.3 কোটি টকাৰ সদ ব্যৱহাৰ নোহোৱাৰ অভিযোগ আনিছে ৷
ব্ৰীজভূষণে এক সংবাদ প্ৰতিষ্ঠানক কয় যে, বিনেশে অলিম্পিকৰ প্ৰস্তুতিৰ বাবে হাংগেৰীত দুবছৰ প্ৰশিক্ষণ লৈছিল ৷ বিনেশৰ প্ৰশিক্ষক উলাৰ এক’ যি নিজেই হাংগেৰীৰ, বিনেশৰ লগতে তেওঁৰ পত্নী মাৰিয়া চাষ্টিনক একেলগে প্ৰশিক্ষণ দিছিল ৷ তেওঁৰ পত্নীও অলিম্পিকৰ বাবে নিৰ্বাচিত হয় যদিও প্ৰথম ৰাউণ্ডতে পৰাজয়ৰ সন্মুখীন হয় ৷
লগতে পঢ়ক :বিনেশ ফোগাটক নিলম্বন ৰেছলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ
‘‘এয়া হ’ব পাৰে যে, উলাৰে ভাৰত চৰকাৰে বিনেশৰ প্ৰশিক্ষণৰ বাবে প্ৰদান কৰা 1.3 কোটি টকাৰে বিনেশৰ লগতে তেওঁৰ পত্নীকো প্ৰশিক্ষণ দিয়াৰ নামত ব্যয় কৰিছিল ৷ সেই ক্ষেত্ৰত এয়া ভাৰত চৰকাৰৰ ধনৰ অপচয় আৰু অপব্যৱহাৰ,’’ ব্ৰীজভূষণে কয় ৷
উল্লেখ্য যে, ভাৰত চৰকাৰে বিনেশৰ প্ৰশিক্ষণৰ বাবে TOPS নামৰ এটা এজেঞ্চিৰ জৰিয়তে উলাৰ এক’ক 2016 চনৰ পৰা 2021 চনলৈ এই বৃহৎ পৰিমাণৰ ধনৰাশি প্ৰদান কৰিছিল ৷ টকিঅ’ অলিম্পিকৰ বাবে যথেষ্ঠ প্ৰতিভাশালী বুলি দাবী কৰা বিনেশ ফোগটে কিন্তু কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথম ৰাউণ্ডতে বেলেৰুচৰ প্ৰতিদ্বন্দ্বী ভানেছা কালাডজিনস্কায়াৰ হাতত পৰাজয় বৰণ কৰে ৷