নেশ্যনেল ডেস্ক,৩ আগষ্ট:টকিঅ' অলিম্পিকত (Tokyo Olympic) ভাৰতৰ প্ৰদৰ্শন এতিয়ালৈ আশা কৰা ধৰণে হোৱা নাই । প্ৰতিযোগিতাখনৰ ১২ দিনৰ অন্তত দেশখনে মাত্ৰ দুটা পদক লাভ কৰিছে । এটা ৰূপৰ পদক লাভ কৰিছে ভাৰোত্তোলক মীৰাবাঈ চানু (Mirabai Chanu) আৰু আনটো ব্ৰঞ্জৰ পদক লাভ কৰিছে বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে (P.V Sindhu) ।
বহু কেইটা প্ৰতিযোগিতাত পদকৰ দাবীদাৰ খেলুৱৈয়ে একপ্ৰকাৰ নিৰাশ কৰিছে ভাৰতীয়ক । অৱশ্যে এতিয়াও ভাৰতে কেইবাটাও শিতানত পদক লাভৰ আশাত আছে । ভাৰতীয় খেলুৱৈৰ দ্বাৰা নিৰাশাজনক ফলাফলৰ পাছতো কিন্তু টকিঅ'লৈ যোৱা ভাৰতীয় দলটোক উৎসাহিত কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime minister Narendra Modi) । টুইটযোগে ভাৰতীয় খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী ।