নিউজ ডেস্ক, 12 নৱেম্বৰ :ভাৰতীয় নৌ-সেনাত সংযোজন অত্যাধুনিক ছাবমেৰিণ "ভাগিৰ" ৷ নৌ-সেনাৰ অধীনস্থ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰজেক্ট 75ৰ অধীনত আৰৱ সাগৰস্থিত মাজগাঁও ডকত প্ৰস্তুক কৰি তুলা ভাৰতীয় নৌ-সেনাৰ স্কৰপিয়ন ক্লাছৰ পঞ্চমখন ছাবমেৰিণ হৈছে "ভাগিৰ" ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইকে নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সযোগে ছাবমেৰিণখন নৌ-সেনাত আনুষ্ঠানিকভাৱে সংযোজন কৰে ৷
ফ্ৰান্সৰ নৌ-প্ৰতিৰক্ষা আৰু শক্তি উদ্যোগ ডিচিএনএছে আৰ্হি প্ৰস্তুত কৰা স্কৰপিয়ন শ্ৰেণীৰ শেহতীয়া সংযোজন হৈছে "ভাগিৰ" ৷ ইয়াক ভাৰতীয় নৌ-সেনাৰ প্ৰজেক্ট 75ৰ সহযোগত থলুৱাভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে ৷