নেশ্যনেল, 8 মাৰ্চ: বুধবাৰে মুম্বাইত নৌসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত (Indian Navy chopper emergency landing) ৷ নিয়মিত অনুশীলনৰ সময়তে দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন ৷ হেলিকপ্টাৰখনত থকা পাইলটসহ তিনিগৰাকী লোকক ক্ষীপ্ৰতাৰে উদ্ধাৰ নৌ সেনাৰ ৷ অৱশ্যে বৰ্তমানেও পোহৰলৈ অহা নাই দুৰ্ঘটনাৰ কাৰণ ৷ এই সমগ্ৰ ঘটনাৰ নিৰ্দেশ বিভাগীয় কৰ্তৃপক্ষৰ ৷ এক বিবৃতিযোগে তদন্তৰ নিৰ্দেশ দিয়াৰ কথা সদৰী কৰিছে নৌ সেনাই ৷
ভাৰতীয় নৌ সেনাৰ ‘ধ্ৰুৱ’ নামৰ এডভান্স লাইট হেলিকপ্টাৰখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই তললৈ আহে আৰু সাগৰত অৱতৰণ কৰে ৷ লগে লগে নৌ সেনাৰ উদ্ধাৰকাৰী দলে ঘটনাস্থলীৰ পৰা হেলিকপ্টাৰখনৰ তিনিগৰাকী ক্ৰু মেম্বাৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Indian Navy chopper crash in Mumbai) ৷
ভাৰতীয় নৌ সেনাৰ বিবৃতি অনুসৰি, "মুম্বাইৰ পৰা নিয়মীয়া উৰণ অভিযানত ভাৰতীয় নৌসেনাৰ ALH হেলিকপ্টাৰখনে হঠাতে শক্তি হেৰুৱাই আৰু উচ্চতাৰ পৰা দ্ৰুতগতিত খহি পৰে । হেলিকপ্টাৰত থকা তিনিওজন লোকে সুৰক্ষিতভাৱে প্ৰস্থান কৰে আৰু ক্ষীপ্ৰতাৰে উদ্ধাৰ কৰা হয় ৷’’