নেশ্যনেল ডেস্ক, ২২ ছেপ্টেম্বৰ :ভাৰতীয় নৌ সেনাই ইণ্ডিয়ান নেভেল চেইলিং এছ'চিয়েচনৰ (Indian Naval Sailing Association) সহযোগত এক বিশেষ পৰিকল্পনা হাতত লৈছে । চেইলিং নাও আৰু ডিংগিৰ (dingies) দ্বাৰা এক পেৰেড আয়োজন কৰিব নৌ সেনাই । নৌ সেনাৰ তিনিওটা কমাণ্ডৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হ'ব এই বিশেষ পেৰেডৰ ।
ইতিমধ্যে এই বিষয়ে মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে । স্থানীয় লোকসকলৰ মাজত নৌ চালনা ক্ৰীড়াক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi ka Amrit Mahotsav) অধীনত এই কাৰ্যসূচী আয়োজনৰ পৰিকল্পনা কৰা হৈছে । প্ৰথম অনুষ্ঠানটো ২৩ ছেপ্তেম্বৰত ভাৰতীয় নৌ সেনাৰ জল প্ৰশিক্ষণ কেন্দ্ৰ কোচিৰ এৰ্নাকুলাম চেনেলত আয়োজন হোৱাৰ কথা আছে ।