অসম

assam

By

Published : Apr 25, 2021, 9:31 PM IST

ETV Bharat / bharat

দ্বীপপুঞ্জ অঞ্চললৈ ভাৰতীয় নৌসেনাৰ অক্সিজেন এক্সপ্ৰেছ অভিযান

ভাৰতীয় নৌসেনাই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ দেশৰ দ্বীপপুঞ্জ অঞ্চললৈ অক্সিজেন আৰু চিকিৎসা সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে ব্যৱস্থা লৈছে। কোচিত দক্ষিণ নৌ সেনা কমাণ্ডৰ অধীনত ভাৰতীয় নৌসেনাৰ জাহাজসমূহে কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষাদ্বীপৰ স্থানীয় প্ৰশাসনক সমৰ্থন আগবঢ়োৱাৰ বাবে অক্সিজেন এক্সপ্ৰেছ অভিযান আৰম্ভ কৰিছে ।

দ্বীপসমূহলৈ ভাৰতীয় নৌসেনাৰ অক্সিজেন এক্সপ্ৰেছ অভিযান
দ্বীপসমূহলৈ ভাৰতীয় নৌসেনাৰ অক্সিজেন এক্সপ্ৰেছ অভিযান

নেশ্যনেল ডেস্ক,২৫ এপ্ৰিল : দেশবাসীয়ে অক্সিজেন নাটনিৰ সন্মুখীন হোৱাৰ সময়তে ভাৰতীয় নৌ বাহিনীৰ গুৰুত্বপূৰ্ণ পদক্ষেপ । কেৰালাৰ কোচিত দক্ষিণ নৌ সেনা কমাণ্ডৰ মুখ্য কাৰ্যালয়ৰ অধীনত ভাৰতীয় নৌসেনাৰ জাহাজেৰে কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষাদ্বীপৰ (ইউটিএল) স্থানীয় প্ৰশাসনক সমৰ্থন আগবঢ়োৱাৰ বাবে অক্সিজেন এক্সপ্ৰেছ অভিযান আৰম্ভ কৰিছে ।

দেওবাৰে পুৱতি নিশা কোচিস্থিত আইএনএছ শাৰদাই লক্ষাদ্বীপৰ ৰাজধানী কাভাৰাট্টিলৈ অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী স্থানান্তৰ কৰে । তাৰ ভিতৰত আছে ৩৫ টা অক্সিজেন চিলিণ্ডাৰ, দ্ৰুত এণ্টিজেন চিনাক্তকৰণ পৰীক্ষা (আৰএডিটি) কিট, পিপিই কিট, মাস্ক আৰু মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ অন্যান্য সামগ্ৰী । কাভাৰাট্টিত আইএনএছ দ্বীপৰক্ষকৰ কৰ্মচাৰীসকলৰ দ্বাৰা সামগ্ৰীবোৰ লৈ যোৱা হৈছিল । তাৰ পিছতে জাহাজখনে অক্সিজেন চিলিণ্ডাৰ আৰু চিকিৎসা সামগ্ৰীৰ যোগানৰ বাবে মিনিকয় দ্বীপলৈ যাত্ৰা আৰম্ভ কৰে ।

দ্বীপসমূহলৈ ভাৰতীয় নৌসেনাৰ অক্সিজেন এক্সপ্ৰেছ অভিযান

ইয়াৰ উপৰিও, দ্বীপসমূহৰ পৰা ৪১ টা খালী অক্সিজেন চিলিণ্ডাৰ লৈ ভাৰতীয় নৌসেনাৰ ভাড়াত লোৱা জাহাজ মেঘনা ৰাওনা হৈছে । জাহাজখনে খালী চিলিণ্ডাৰবোৰ পুনৰ ভৰ্তি কৰাৰ বাবে কোচিলৈ গৈছে আৰু অক্সিজেন এক্সপ্ৰেছ অভিযান অব্যাহত থকাটো নিশ্চিত কৰিবলৈ সোনকালেই ভৰ্তি চিলিণ্ডাৰৰ সৈতে লক্ষাদ্বীপলৈ উভতি যাব মেঘনা । ইউটিএল প্ৰশাসনৰ সহযোগত লক্ষাদ্বীপৰ নৌ সেনা বিষয়াৰ তত্বাৱধানত এই অভিযান অব্যাহত আছে ।

আনহাতে, কাদমত দ্বীপত মহামাৰীৰ বিৰুদ্ধে যুদ্ধত স্থানীয় প্ৰশাসনক সহায় কৰিবলৈ এগৰাকী চিকিৎসক, দুগৰাকী চিকিৎসা সহায়ক আৰু এগৰাকী অতিৰিক্ত নাবিকক লৈ গঠিত নৌ সেনাৰ এটা দল দেওবাৰে উপস্থিত হৈছে । কৰ্মচাৰীসকলক এছএনচি, কোচিৰ লগতে আইএনএছ দ্বীপৰক্ষক, কাভাৰাট্টিৰ পৰা নিযুক্তি দিয়া হৈছে ।

দ্বীপসমূহলৈ ভাৰতীয় নৌসেনাৰ অক্সিজেন এক্সপ্ৰেছ অভিযান

এইচকিউএছএনচিয়ে দ্বীপসমূহৰ হাস্পতালৰ বিচনাৰ অভাৱ পূৰণ কৰাৰ বাবে ভাৰতীয় নৌসেনাৰ চিকিৎসালয় জাহাজ সঞ্জীৱনীত লক্ষদ্বীপৰ ৰোগীসকলৰ বাবে আইচিইউ সুবিধাসহ দহখন বিচনা সংৰক্ষিত কৰি ৰাখিছে । লগতে ৰোগীক কঢ়িয়াই অনা ইউটিএল হেলিকপ্টাৰৰ বাবে নৌ সেনাৰ বিমান কেন্দ্ৰ আইএনএছ গৰুড়কো সতৰ্ক কৰি দিয়া হৈছে।

দ্বীপপুঞ্জৰ লগতে আন ঠাইৰ পৰা ক'ভিড ৰোগীক বিমানেৰে লৈ যোৱাৰ বাবে কোচিৰ নেভেল এয়াৰক্ৰাফ্ট য়াৰ্ডৰ দ্বাৰা এয়াৰ ইভাকুৱেচন পডবোৰো জৰুৰীকালীন প্ৰয়োজনীয়তাৰ বাবে সাজু কৰা হৈছে।

লগতে পঢ়ক:সংকটকালত দলৰ তৰফৰ পৰা সকলোকে সহায় কৰিবলৈ আহ্বান ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details