নেশ্যনেল ডেস্ক, 28 ডিচেম্বৰ :ভিয়েটনাম নৌ বাহিনীৰ সৈতে ভাৰতীয় নৌ সেনাই এক সামুদ্ৰিক অনুশীলনত অংশগ্ৰহণ কৰে ৷ দুই দেশৰ মাজত সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে দক্ষিণ চীন সাগৰত এই অনুশীলন কৰে ৷ দেওবাৰে এক চৰকাৰী বিবৃতিত ভাৰতীয় নৌ সেনাই এই তথ্য প্ৰদান কৰে ৷ ভাৰতীয় নৌ জাহাজ INS Kiltan য়ে ভিয়েটনামত বান পীড়িত লোকলৈ সাহাৰ্য কঢ়িয়াই নিছিল আৰু উভতি অহাৰ পথত শনিবাৰে এই অনুশীলনত অংশ লয় ৷
বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা উদ্বিগ্নতা আৰু সমালোচনা লাভ কৰাৰ পাচতো চীনে দক্ষিণ চীন সাগৰত সামুদ্ৰিক গতিবিধি বৃদ্ধি কৰাৰ সময়তে ভাৰত-ভিয়েটনামে এই অনুশীলনত অংশগ্ৰহণ কৰে ৷
ভাৰতীয় নৌ সেনাই দেওবাৰে এক টুইটাৰৰ জৰিয়তে কয়, "26 ডিচেম্বৰ, 2020 ত ভাৰতীয় নৌ সেনা আৰু ভিয়েটনাম পিপলছ নেভীয়ে PASSEX অনুশীলনত অংশ লয় ৷ ইয়াৰ জৰিয়তে সামুদ্ৰিক সহযোগিতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হয় ৷"