নেশ্যনেল ডেস্ক, ১৯ মাৰ্চ: লেণ্ডিং ক্ৰাফ্ট ইউটিলিটীৰ অষ্টম তথা অন্তিমখন চতুৰ্থ শ্ৰেণীৰ অন্তৰ্ভুক্ত জাহাজ ভাৰতীয় নৌসেনাৰ লেণ্ডিং ক্ৰাফ্ট ইউটিলিটী এল ৫৮ৰ বৃহস্পতিবাৰে উদ্বোধন কৰা হয় । আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প'ৰ্ট ব্লেয়াৰত উদ্বোধন কৰা হয় জাহাজখন । উদ্বোধনী অনুষ্ঠানত আন্দামান আৰু নিকোবৰৰ কামাণ্ডৰ মুখ্য কামাণ্ডৰ লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেই মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।
লগতে গাৰ্ডেন ৰিছ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড(জিআৰএছই)ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক বিপিন কুমাৰ ছাক্সেনাও অনুষ্ঠানটিত উপস্থিত থাকে । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সংবাদ বিবৃতি অনুসৰি, কামাণ্ডাৰ কৃষণ কে যাদৱে জাহাজখনৰ প্ৰথম কমাণ্ডিং বিষয়া হিচাপে কমিছনিং ৱাৰেণ্ট পাঠ কৰে । জাহাজখনত পাঁচজন বিষয়া আৰু ৫০ জন নাবিকক নিয়োগ কৰা হৈছে ।
'মেক ইন ইণ্ডিয়া' আৰু 'আত্মনিৰ্ভৰ ভাৰত' অভিযানৰ এক অংশ হিচাপে কলকাতাৰ জিআৰএছইৰ দ্বাৰা থলুৱাভাৱে ডিজাইন আৰু নিৰ্মাণ কৰিছ জাহাজখন । লেণ্ডিং ক্ৰাফ্ট ইউটিলিটী ৫৮ হৈছে মাটি আৰু পানী উভয়তে চলিব পৰা জাহাজ আৰু জাহাজৰ কৰ্মচাৰীৰ উপৰিও ১৬০ জন সৈন্য কঢ়িয়াই নিব পাৰে জাহাজখনে । ৯০০ টন বিচ্যুতিসম্পন্ন এই জাহাজখনে বিভিন্ন প্ৰকাৰৰ যুদ্ধ বাহন যেনে, মেইন বেটেল টেংক(এমবিটি), বিএমপি, আৰ্মড বাহন, ট্ৰাক আদি কঢ়িয়াই নিব পাৰে ।