ইণ্টাৰনেশ্যনেল ডেস্ক,২৮ অক্টোবৰ :ছিংগাপুৰত কলেজীয়া ছাত্ৰীক ধৰ্ষণৰ অভিযোগ ২৬ বছৰীয়া ভাৰতীয় যুৱকৰ বিৰুদ্ধে । ধৰ্ষণৰ অভিযোগত এখন আদালতে যুৱকজনক ১৬ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে । ২০১৯ চনত সংঘটিত হৈছিল চাঞ্চল্যকৰ ধৰ্ষণৰ ঘটনাটো । ভাৰতীয় যুৱকজনৰ বিৰুদ্ধে অপহৰণ আৰু চুৰিৰো অভিযোগ আছে ।
জানিব পৰা মতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে নিশা বাছ আস্থানলৈ খোজকাঢ়ি গৈ আছিল । সেই সময়তে ছাফাই কৰ্মী হিচাপে থকা ভাৰতীয় যুৱকজনে তেওঁক বনাঞ্চললৈ টানি লৈ গৈছিল । তাৰ পাছতে যুৱতীগৰাকীক প্ৰহাৰ কৰাৰ লগতে যুৱকজনে ধৰ্ষণ কৰে । এই ঘটনাত ভুক্তভোগী যুৱতীগৰাকী গুৰুতৰভাৱে আহত হৈছিল । মুখমণ্ডলৰ আঘাত ইমানে ভয়ংকৰ আছিল যে তেওঁৰ প্ৰেমিকে হাস্পতালত তেওঁক চিনাক্ত কৰিব পৰা নাছিল ।
আৰক্ষীয়ে আদালতক জনোৱা মতে ধৰ্ষণৰ ঘটনাটো ২০১৯ চনৰ ৪ মে'ত সংঘটিত হৈছিল । কিন্তু গোচৰটোৰ শুনানিৰ বাবে আদালতে প্ৰায় ৪ বছৰৰ সময় লয় । কিয়নো অভিযুক্ত চিন্নায়া নামৰ যুৱকজনৰ মানসিক অৱস্থাৰ বাবে কেইবাটাও পৰ্যায়ৰ মানসিক মূল্যাঙ্কনৰ প্ৰয়োজন হৈছিল ।