অসম

assam

By

Published : Dec 31, 2020, 7:47 PM IST

ETV Bharat / bharat

প্ৰাক্তন হকী খেলুৱৈ মাইকেল কিণ্ডোৰ মৃত্য়ু

ভাৰতৰ হকী দলৰ প্ৰাক্তন খেলুৱৈ মাইকেল কিণ্ডোৰ বৃহস্পতিবাৰে বাৰ্ধক্য়জনিত কাৰণত মৃত্য়ু হয় । ওড়িশাৰ ৰৌড়কেল্লা আই এইছ হাস্পতালত চিকিৎসা চলি থকা অৱস্থাত ৭৬ বছৰ বয়সত খেলুৱৈ গৰাকীৰ মৃত্য়ু হয় ।

প্ৰাক্তন হকী খেলুৱৈ মাইকেল কিণ্ডোৰ মৃত্য়ু
প্ৰাক্তন হকী খেলুৱৈ মাইকেল কিণ্ডোৰ মৃত্য়ু

স্পৰ্টছ ডেস্ক , ৩১ ডিচেম্বৰ :বছৰৰ শেষৰটো দিনতে ভাৰতৰ ক্ৰীড়াজগতৰ বাবে আহিল এটা দুখৰ খবৰ । ক্ৰীড়া প্ৰেমিক শোকস্তব্ধ কৰি ভাৰতৰ হকী দলৰ প্ৰাক্তন খেলুৱৈ মাইকেল কিণ্ডোৰ বৃহস্পতিবাৰে বাৰ্ধক্য়জনিত কাৰণত মৃত্য়ু হয় ।

ভাৰতৰ প্ৰথম গৰাকী আদিবাসী খেলুৱৈ হিচাবে অলিম্পিকত ব্ৰঞ্জ আৰু বিশ্ব কাপত ৩ টা পদকৰ অধিকাৰী বিশিষ্ঠ খেলুৱৈ গৰাকীৰ মৃত্য়ুত গভীৰ শোকৰ ছাঁ পৰে ভাৰতৰ ক্ৰীড়া জগতত । উল্লেখ যে ওড়িশাৰ ৰৌড়কেল্লা আই এইছ হাস্পতালত চিকিৎসা চলি থকা অৱস্থাত ৭৬ বছৰ বয়সত খেলুৱৈ গৰাকীৰ মৃত্য়ু হয় ।

১৯৭২ চনৰ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা আৰু ১৯৭৫ চনৰ বিশ্ব কাপত বিজয় সাব্য়স্ত কৰা ভাৰতীয় হকী দলটোৰ অন্য়তম সদস্য় আছিল মাইকেল কিণ্ডো । ইফালে বিশিষ্ঠ খেলুৱৈ গৰাকীৰ মৃত্য়ুত তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ শুভাকাংশীয়ে প্ৰাৰ্থনা জনাইছে ।

লগতে পঢ়ক :2020 বৰ্ষৰ ক্ৰীড়াক্ষেত্ৰত অসমৰ সাফল্য

ABOUT THE AUTHOR

...view details