অসম

assam

By

Published : Dec 13, 2021, 7:30 AM IST

Updated : Dec 13, 2021, 8:44 AM IST

ETV Bharat / bharat

Indian farmers came home after 10 months : সুদীৰ্ঘ 10 মাহৰ মূৰত দেশলৈ প্ৰত্যাৱৰ্তন বাংলাদেশত আটকাধীন কৃষকৰ

সুদীৰ্ঘ 10 মাহৰ মূৰত দেশলৈ প্ৰত্যাৱৰ্তন (Indian farmers came home after 10 months) ত্ৰিপুৰাৰ দুগৰাকী কৃষকৰ ৷ কৃষক দুগৰাকী ভাৰত-বাংলাদেশ সীমান্তৰ বাসিন্দা ৷ সীমান্তত কৃষি কাৰ্য কৰি থকাৰ সময়তে কেনেবাকৈ সীমান্তৰ বেৰ পাৰ হোৱাত দুয়োগৰাকীকে আটক (Two Indian farmers caught by Border Guards of Bangladesh) কৰিছিল বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডছৰ সুৰক্ষাকৰ্মীয়ে ৷

indian-farmers-came-home-10-months-after-they-were-held-by-border-guards-of-bangladesh-in-tripura
দেশলৈ প্ৰত্যাৱৰ্তন বাংলাদেশত আটকাধীন কৃষকৰ

আগৰতলা, 13 ডিচেম্বৰ :বিগত 10 মাহ পূৰ্বে বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডছ চমুকৈ বিজিবিয়ে আটক (Two Indian farmers caught by Border Guards of Bangladesh) কৰিছিল ত্ৰিপুৰাৰ দুগৰাকী কৃষকক ৷ ৰাজ্যখনৰ উনাকোটি জিলাৰ অন্তৰ্গত কৈলাচাহাৰৰ ভাৰত-বাংলাদেশ সীমান্তৰে দেওবাৰে কৃষক দুগৰাকীক গটাই দিয়া হয় (Indian farmers came home after 10 months) ত্ৰিপুৰাৰ সুৰক্ষা বাহিনীক ৷

বাংলাদেশৰ মৌলৱী বজাৰ জিলাৰ কাৰাগাৰত 10 মাহ কটোৱাৰ পিছত কৃষক দুগৰাকীক মুকলি কৰি দিয়া বুলি সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত ত্ৰিপুৰাৰ জনজাতীয় কল্যাণ মন্ত্ৰী মেভাৰ কুমাৰ জামাতিয়াই সদৰী কৰে ৷ মুকলি কৰি দিয়া কৃষক দুগৰাকী ক্ৰমে গুৰুপদ দেৱবাৰ্মা আৰু ৰাজীৱ দেৱবাৰ্মা বুলি জানিব পৰা গৈছে ৷

দেশলৈ প্ৰত্যাৱৰ্তন বাংলাদেশত আটকাধীন কৃষকৰ

"আমাৰ দুই ভাৰতীয় নাগৰিক গুৰুপদ দেৱবাৰ্মা আৰু ৰাজীৱ দেৱবাৰ্মাক মুক্তি দিয়াৰ বাবে মই বাংলাদেশ চৰকাৰৰ ওচৰত সঁচাকৈয়ে কৃতজ্ঞ ৷ প্ৰায় ১০ মাহ ধৰি দুয়োগৰাকী কৃষকে বাংলাদেশ চৰকাৰৰ অধীনত মৌলৱী বজাৰ কাৰাগাৰত আছিল ৷ তেওঁলোক সীমান্তৱৰ্তী অঞ্চলৰ বাসিন্দা, কেতিয়াবা খেতিৰ উদ্দেশ্যে বেৰ পাৰ হ'বলগা হৈছিল ৷

লগতে চাওক:Bipin Rawat's chopper viral video: ভিডিঅ' কৰা দুই ব্যক্তি কাষ চাপিছে আৰক্ষীৰ

ইয়াতে কিছু ভুল বুজাবুজি হৈ তেওঁলোক বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডছ (Border Guards of Bangladesh) ৰ দ্বাৰা আটক হৈছিল ৷ মই বাংলাদেশ আৰু ভাৰত দুয়োখন দেশৰে চৰকাৰক অনুৰোধ কৰিছিলো কৃষক দুগৰাকীক মুক্তি দিবলৈ ৷ তাৰে ফলতে মুকলি কৰি দিয়া হ’ল কৃষক দুগৰাকীক ৷ মই সাংসদ আব্দুল চাহিদ আৰু মৌলৱী বজাৰৰ উপায়ুক্তক শ্ৰদ্ধা আৰু ধন্যবাদ যাঁচিব বিচাৰো ৷ যিসকলে কৃষক দুগৰাকীক অতদিনে সহায় আগবঢ়াই আহিছিল" বুলি মন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে ৷

আনহাতে, কৃষক ৰাজীৱ দেৱবাৰ্মাই ভাৰত-বাংলাদেশ দুয়োখন দেশৰে চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৷ ৰাজীৱে এইক্ষেত্ৰত কয় যে, তেওঁলোকে কিছু মাহ পূৰ্বে ভাৰতীয় দূতাৱাসে তেওঁলোকক ঘৰলৈ ঘূৰাই নিয়াৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱা বুলি জানিব পাৰিছিল ৷ যাৰ বাবে কেন্দ্ৰ-ৰাজ্য দুয়োখন চৰকাৰকে ধন্যবাদ জ্ঞাপন কৰে ৷

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সশক্তিকৰণ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে যোৱা ২৭ আগষ্টত ত্ৰিপুৰাৰ এই দুজন ভাৰতীয় নাগৰিকক বাংলাদেশৰ পৰা প্ৰত্যাৱৰ্তনৰ কৰাৰ বিষয়টো বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ওচৰত উত্থাপন কৰিছিল ৷

পৰৱৰ্তী সময়ত যোৱা ৪ ছেপ্তেম্বৰত টিপ্ৰা মোথাৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ দেৱবৰ্মনে ভাৰতৰ উচ্চায়ুক্তলৈ টুইট কৰি (TIPRA Motha chairman Pradyot Kishore Debbarman tweeted to the High Commission of India) ত্ৰিপুৰাৰ কৃষক দুগৰাকীক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে অনুৰোধ জনাইছিল ৷ ইয়াৰ পিছৰে পৰা কৃষক দুগৰাকীক দেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰা হৈছিল ৷

লগতে চাওক:জমাকৰ্তাসকলক সকীয়নি ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ

Last Updated : Dec 13, 2021, 8:44 AM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details