নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: কৰ'ণা মহামাৰীৰ বাবে ভাৰতত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম্বাৰ অৱ কমাৰ্চৰ সৈতে আলোচনা মিলিত হয় আমেৰিকা যুক্তৰাষ্ট্ৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সান্ধু । বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম্বাৰ অৱ কমাৰ্চে এখন ডিজিটেল বৈঠকৰ আহ্বান জনায় । ভাৰতীয় ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সান্ধুৱে বৰ্তমান ভাৰতক জৰুৰীকালীনভাৱে প্ৰয়োজন হোৱা সামগ্ৰীবোৰৰ বিষয়ে অৱগত কৰে এই বৈঠকত ।
ইয়াৰ ভিতৰত আছে অক্সিজেন কনচেনট্ৰেটৰ, অক্সিজেন চিলিণ্ডাৰ, ভেণ্টিলেটৰ, অক্সিজেন উৎপাদন প্ৰকল্প আৰু ৰেমডেছিবিৰ আৰু টচিলিজুমাব আদি ঔষধ । ক'ভিড মহামাৰীৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতক সহায় কৰিবলৈ মাৰ্কিন ব্যৱসায়ী গোটে জনোৱা দ্ৰুত সঁহাৰি আৰু সাহায্যৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম্বাৰ অৱ কমাৰ্চক টুইটযোগে প্ৰশংসা কৰে সান্ধুৱে ।
যোৱা কেইদিনমানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম্বাৰ অৱ কমাৰ্চে ভাৰতলৈ চিকিৎসা সামগ্ৰী যোগান ধৰাৰ বাবে সমৰ্থন আগবঢ়াইছে । সান্ধুৱে কয় যে, ফাইজাৰৰ মুখ্য কাৰ্যবাহী বিষয়া এলবাৰ্ট বুৰ্লাৰ সৈতেও তেওঁ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল । তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম্বাৰ অৱ কমাৰ্চৰ সভাপতি চুজেন ক্লাৰ্ক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটৰ জেফ মাৰ্কলিৰ সৈতেও এই সন্দৰ্ভত বাৰ্তালাপ কৰিছে ।
তেওঁ প্ৰতিষেধক যোগানকে ধৰি ভাৰতত স্বাস্থ্য সেৱা উন্নত কৰাৰ বাবে ফাইজাৰে কেনেদৰে সহযোগিতা কৰিব পাৰে আৰু মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহায় কৰিব পাৰে সেই বিষয়ে আলোচনা কৰে । ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে জনায় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুখন বিমানে অক্সিজেনযুক্ত সঁজুলি আৰু ক'ভিড-১৯ সম্পৰ্কীয় আন বহু সামগ্ৰী লৈ ভাৰতলৈ ৰাওনা হৈছে । এই সংকটৰ সময়ত ভাৰতক সহযোগিতা আগবঢ়োৱাৰ বাবে ভাৰতীয় কূটনীতিবিদজনে টুইটযোগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনক ধন্যবাদ জ্ঞাপন কৰে ।
লগতে পঢ়ক:ইজৰাইলত ধৰ্মীয় উৎসৱত নিহত বহু লোক