গুৱাহাটী, ৩ মাৰ্চ : ৩ মাৰ্চ, শুকুৰবাৰৰ সন্ধিয়াটিৰ কিছু সময় পেৰিছৰ লে চেলুন ডেছ মিৰ’ইৰছৰ ৰেম্পত সমুজ্জল হৈ পৰিল সংযুক্তা দত্তৰ ফেশ্বনৰ যাদুকৰী সৃষ্টিৰ প্ৰদৰ্শনেৰে (Le Salon des Miroirs in Paris)। পেৰিচত প্ৰদৰ্শিত এই 'চিকি-মিকি’ ফেশ্বন শ্ব’ত পাট-মুগাৰ নতুন ডিজাইনৰ সংমিশ্ৰণেৰে এগৰাকী নাৰীৰ সৌন্দৰ্যক পুনৰ নতুনকৈ উজলাই তোলাৰ প্ৰয়াস কৰিছে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত ইতিমধ্যে সমাদৃত ডিজাইনাৰ সংযুক্তা দত্তই(Assamese fashion designer Sanjukta Dutta)৷
কেৱল অসমত উপলব্ধ বিৰল আৰু উচ্চমানৰ মুগা আৰু পাটৰ কাপোৰৰ ওপৰত বৰ্ণিল সমাহিত ৰঙৰ সতেজ মিশ্ৰণ তুলি ধৰিলে ডিজাইনাৰ সংযুক্তা দত্তই (Paris fashion week 2023)৷ পেৰিচত শ্ব’টোত প্ৰদৰ্শিত সংযুক্তা দত্তৰ প্ৰতিযোৰ পোছাকেই সুনিপুণ হাতেৰে প্ৰস্তুত কৰা অনুপম সৌন্দৰ্যৰে ভৰপূৰ বুলি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে(Assamese fashion designer in Paris fashion week)৷
ফেশ্বন ডিজাইনাৰগৰাকীয়ে জানিবলৈ দিয়া মতে, হস্ত কৌশলেৰে প্ৰস্তুত এনে এযোৰ পোছাক সাজু কৰি তুলিবলৈ তেওঁক ২৫ দিন সময়ৰ প্ৰয়োজন হৈছিল(Indian Designer Sanjukta)৷ সংযুক্তাৰ এই উচ্ছ মানৰ ফেশ্বন ডিজাইনে ভাৰতীয় হস্ততাঁত শিল্পৰ জয়যাত্ৰা অব্যাহত ৰখাৰ লগতে জীৱনৰ প্ৰতিটো দিশতে মহিলাসকলৰ বাবে সমসাময়িক পৰম্পৰাগত ফেশ্বনৰ সংমিশ্ৰণ নিশ্চিত কৰে(Sanjukta Dutta)।
পেৰিচত ফেশ্বন ডিজাইনাৰ গৰাকীৰ অনুষ্ঠান উপভোগ কৰি পেৰিচৰ ভাৰতীয় দূতাবাসৰ প্ৰথম সচিব দেবাশীষ চক্ৰৱৰ্তীয়ে সংযুক্তাৰ পোচাক সমূহৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁৰ কামে দেশখনক গৌৰৱান্বিত কৰা বুলি সদৰী কৰে(Assamese fashion designer Sanjukta Dutta)।
পেৰিচত অনুষ্ঠিত ফেশ্বন শ্ব’টিত অংশগ্ৰহণৰ পিছত ডিজাইনাৰ সংযুক্তা দত্তই মন্তব্য কৰে, "কেতিয়াবা ভগৱানৰ উপহাৰবোৰ আমাৰ আটাইতকৈ ডাঙৰ সপোনটোতকৈয়ো ওপৰত ৷ বিশ্বৰ মানচিত্ৰত অসমৰ হস্ততাঁত শিল্পৰ বস্ত্ৰৰ প্ৰদৰ্শনৰ বিৰল সুযোগ প্ৰাপ্তিৰে মই আৰু মোৰ হস্ততাঁত শিল্পীসকলে নিজকে সৌভাগ্যবান বুলি বিবেচনা কৰিছো ৷ বিশ্বমানৰ এনে মঞ্চত এক স্থানীয় ফেশ্বন আহি পোৱাটোও মোৰ বাবে এক বিৰল প্ৰাপ্তি ৷"
উল্লেখযোগ্য যে, সংযুক্তা দত্ত হ’ল ইতিপূৰ্বে লেকমে ফেশ্বন শ্ব’ত নিজৰ ডিজাইন প্ৰদৰ্শন কৰা প্ৰথমগৰাকী অসমীয়া মহিলা(Lakme fashion week sanjukta dutta)৷ লেকমে ফেশ্বন শ্ব’ত অংশগ্ৰহণৰ পিছত আৰু পাছলৈ উভতি চাব লগীয়া হোৱা নাই ফেশ্বন ডিজাইনাৰ সংযুক্তাই ৷ ভাৰতৰ বিখ্যাত ফেশ্বন শ্ব’বোৰৰ উপৰিও লেকমে ফেশ্বন উইক, FDCI, লণ্ডন ফেশ্বন শ্ব’ আদি বিশ্বৰ আগশাৰীৰ ফেশ্বন শ্ব’ত অংশগ্ৰহণেৰে নিজৰ সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ৷