নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী :মুম্বাই উপকূলৰ পৰা কিছু দূৰতস্থিত আৰৱ সাগৰত ৰোহিনী জাহাজত শনিবাৰে অগ্নিৰ সূত্ৰপাত হোৱাত ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু অগ্নি নিৰ্বাপনৰ বাবে নিয়োজিত বিমানে অভিযান চলাই ১৫ জন ক্ৰুমেনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে প্ৰকাশ কৰা অনুসৰি উপকূলীয় জাহাজ, চিজি ডৰ্নিয়াৰ বিমান, টাগ নাও আৰু হেলোৰে যৌথভাৱে অভিযান চলাই জুই নিৰ্বাপন কৰে আৰু জাহাজত থকা ১৮ জন ক্ৰুমেনৰ ১৫ জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷