নেশ্যনেল ডেস্ক, 12 জানুৱাৰী:বৰফৰ শুভ্ৰ দলিচাই ঢাকি ৰাখিছে কৰ্ণাটকৰ কিছু অঞ্চল ৷ প্ৰচণ্ড তুষাৰপাতে ঢাকিছে ঘৰ দুৱাৰৰ লগতে গছ-গছনি আৰু ৰাজপথ ৷ হিমপাতে অঞ্চলটোত নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে ৷ কিন্তু এই তুষাৰপাতে অঞ্চলটোৰ লোকসসকলৰ জনজীৱন ব্যাহত কৰি তুলিছে (Heavy snowfall at Sarkuli Village) ৷
বুধবাৰে অৰ্থাৎ 11 জানুৱাৰীৰ নিশা 8.30 বজাত গাঁওখনৰ এটা পৰিয়ালে ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হয় ৷ প্ৰচণ্ড তুষাৰপাতৰ ফলত পথবোৰ সম্পূৰ্ণৰূপে অৱৰুদ্ধ আৰু অতি পিছল হৈ পৰিছিল(Indian Army Rescues Pregnant Woman )।
ফলত কৰ্ণাটকৰ চাকুৰী জিলাত বাস কৰা এটা পৰিয়ালত বাস কৰা এগৰাকী অন্তঃসত্বা মহিলাক অতি জৰুৰীকালীন অৱস্থাত হাস্পতালত ভৰ্তি কৰাব লগা হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় (Rescues Pregnant Woman amidst heavy snowfall) ৷ অঞ্চলটোৰ পৰিবহনকাৰী আৰু ব্যক্তিগত বাহন থকা লোকসকলক পৰিয়ালে মহিলাগলৰাকীক স্থানান্তৰ কৰিবলৈ অনুৰোধ কৰিছিল ৷ কিন্তু বৰফৰ কাৰণে ৰস্তা-ঘাট পিছল হোৱাৰ লগতে বাহনসমূহ পিছল খোৱৰ ভয়ত সকলোৱে মহিলাগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহিবলৈ ভয় কৰিছিল ৷ মহিলাগৰাকীৰ নামৰ মাৰিয়াম বেগম বুলি জানিব পৰা গৈছে ৷