নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল: কৰ'ণাসৃষ্ট পৰিস্থিতিত দিল্লীস্থিত সেনাৰ চিকিৎসালয়ৰ ৰোগীক চিকিৎসা প্ৰদানৰ ক্ষমতাৰ সম্প্ৰসাৰণ কৰা হৈছে । বৰ্তমানলৈকে চিকিৎসা প্ৰদানৰ ক্ষমতা চাৰিবাৰ সম্প্ৰসাৰণ কৰা হৈছে । বৰ্তমান সেনাৰ চিকিৎসালয়ত ৩৪০ খন বিচনা আৰু ইয়াৰে ২৫০ খন বিচনা অক্সিজেন যুক্ত । কৰ্ণেল অমন আনন্দে জনোৱা মতে, সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱাৰ বাবে পুনৰ বিচনাৰ সংখ্যা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে । চিকিৎসালয়ত থকা সা-সুবিধা অনুসৰি তেওঁলোকে সেৱা আগবঢ়াইছে যদিও এতিয়াও চিকিৎসালয়ত বিচনাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বহু ৰোগীয়ে ।
ইতিমধ্যে ট্ৰমা চেণ্টাৰত চিকিৎসা কৰা হৈছে ৰোগীৰ । কৰ্ণেল অমন আনন্দে কয় যে, চিকিৎসালয়খনত বিচনাৰ সংখ্যা ৬৫০ খনলৈ বৃদ্ধি কৰা হ'ব । অক্সিজেন যুক্ত বিচনাৰ সংখ্যাও বৃদ্ধি ৪৫০ খনলৈ বৃদ্ধি কৰা হ'ব । অহা ৩০ এপ্ৰিলৰ ভিতৰত চিকিৎসা প্ৰদানৰ ক্ষমতাৰ সম্প্ৰসাৰণৰ সকলো কাম সম্পূৰ্ণ হৈ উঠিব বুলি তেওঁ মন্তব্য কৰে । অহা ২৯ এপ্ৰিলৰ ভিতৰত ইণ্টেন্সিভ কেয়াৰ ইউনিট(আইচিইউ)ৰ বিচনাৰ সংখ্যা ১২ খনৰ পৰা ৩৫ খনলৈ বৃদ্ধি কৰা হ'ব ।