নেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ : আমেৰিকাত আৰক্ষীৰ বাহনৰ খুন্দাত ভাৰতীয় ছাত্ৰীৰ মৃত্যু হোৱাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । ইফালে ঘটনাটোক লৈ আমেৰিকাৰ চিয়েটল আৰক্ষীয়ে ঠাট্টা কৰাৰ এটা ভিডিঅ' প্ৰকাশ পোৱাৰ পাছত বিষয়টোক লৈ অধিক উত্তেজনা বৃদ্ধি পাইছে । আনকি ভাৰতে ঘটনাটোৰ পুংখানুপুংখ তদন্তৰো দাবী কৰিছে ।
ভাৰতীয় আমেৰিকান কংগ্ৰেছ সদস্য ৰাজা কৃষ্ণমূৰ্তিয়েও বৃহস্পতিবাৰে চিয়েটল আৰক্ষীক ভাৰতীয় ছাত্ৰী জাহ্নৱী কান্দুলাৰ কৰুণ মৃত্যুৰ তদন্তৰ দাবী কৰিছে । কৃষ্ণমূৰ্তিয়ে কয় যে, জাহ্নৱী কান্দুলাৰ মৃত্যু অতি ভয়ংকৰ আছিল । তেওঁৰ ক্ষতিৰ পৰিমাণক লৈ কোনোৱে উপহাস কৰিব নালাগে ।
উল্লেখ্য যে, চিয়েটল আৰক্ষীৰ এগৰাকী বিষয়াই জাহ্নৱীৰ মৃত্যুকলৈ উপহাস কৰিছিল । প্ৰকাশ পোৱা সেই ভিডিঅ'টোক ঘৃণনীয় আৰু গ্ৰহণযোগ্য নহয় বুলিও তেওঁ দাবী কৰে । যাৰ বাবে তেওঁ ছিয়েটল আৰক্ষীক এই বিষয়টোৰ তদন্তৰ দাবী কৰিছে ।