তেজপুৰ, ২ ডিচেম্বৰ :ভাৰতীয় বায়ু সেনাৰ সূৰ্য্য কিৰণ এৰোবেটিক টীমে(Indian Air Force's Surya Kiran Aerobic team) স্বৰ্নিম বিজয় বৰ্ষ (Swarnim Vijay Varsh) উদযাপন উপলক্ষে ডিচেম্বৰৰ ৪ তাৰিখে শ্বিলঙৰ উমিয়াম হ্ৰদৰ ওপৰত বিখ্যাত এয়াৰ শ্ব’ প্ৰদৰ্শন কৰিব ৷ সদায় শ্ৰেষ্ঠ মূলমন্ত্ৰৰে আগবাঢ়ে ভাৰতীয় বায়ু সেনাৰ সূৰ্য্যকিৰণ এৰোবেটিক টীম ৷ এই বিশেষ টীমটো ইয়াৰ পেছাদাৰীতা আৰু কাৰ্য দক্ষতাৰ বাবে জনাজাত । বায়ু সেনাৰ এই দলটোৱে কেৱল তেওঁলোকৰ সামৰ্থ্য প্ৰদৰ্শন কৰাই নহয়, যুৱ-প্ৰজন্মক প্ৰতিৰক্ষা সেৱাত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে ।
এই দলটো হৈছে হৈছে বিমান চলাচলৰ দক্ষতাৰ ক্ষেত্ৰত ভাৰতীয় বায়ু সেনা(Indian air force)ৰ শীৰ্ষস্থানীয় এটা দল । এই দল 17 জন বিষয়াৰে গঠিত, 1996 চনত 200 জন টেকনিচিয়ানৰে গঠন কৰা হৈছিল আৰু ই ভাৰতীয় বায়ু সেনাৰ 'গৌৰৱেৰে আকাশ স্পৰ্শ কৰক( IAF motto Touch the Sky with Glory)' মূলমন্ত্ৰক আগত ৰাখি কাৰ্য সম্প্ৰাদান কৰে । বিশ্বব্যাপী মাত্ৰ 9 খন বিমানৰে গঠন কৰা এৰোবেটিক দলৰ মাজত থকাৰ গৌৰৱও অৰ্জন কৰিছে ভাৰতীয় বায়ু সেনাৰ এই দলটোৱে ।