অসম

assam

ভাৰতীয় বায়ু সেনাত অব্যাহত দ্ৰুত পৰিৱৰ্তন

By

Published : Jun 19, 2021, 5:47 PM IST

হায়দৰাবাদৰ বায়ুসেনা একাডেমীত এক সংযুক্ত স্নাতক পেৰেড সম্বোধন কৰিল বায়ুসেনাৰ মুৰব্বী আৰ কে এছ ভদৌৰিয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ । তেওঁ প্ৰকাশ কৰা মতে, পূৰ্বতকৈ যথেষ্ট বিকাশ লাভ কৰিছে ভাৰতীয় বায়ুসেনাই । চুবুৰীয়া দেশ আৰু বৰ্ধিত ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ বাবে প্ৰযুক্তিৰ দ্ৰুত সঞ্চাৰৰ সৈতে এক অভূতপূৰ্ব পৰিৱৰ্তনৰ দিশে গৈ আছে ভাৰতীয় বায়ুসেনা ।

IAF Chief
ভাৰতীয় বায়ু সেনাত অব্যাহত দ্ৰুত পৰিৱৰ্তন

নেশ্যনেল ডেস্ক,১৯ জুন:পূৰ্বতকৈ যথেষ্ট বিকাশ লাভ কৰিছে ভাৰতীয় বায়ু সেনাই (Indian Air Force) । নিৰাপত্তা প্ৰত্যাহ্বানৰ বাবে অধিক শক্তিশালীও হৈছে বায়ু সেনা । চুবুৰীয়া দেশ আৰু বৰ্ধিত ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ বাবে প্ৰযুক্তিৰ দ্ৰুত সঞ্চাৰৰ সৈতে এক অভূতপূৰ্ব পৰিৱৰ্তনৰ দিশে গৈ আছে ভাৰতীয় বায়ু সেনা । এই মন্তব্য বায়ু সেনাৰ মুৰব্বী আৰ.কে.এছ ভদৌৰিয়াৰ(RKS Bhadauria) ।

বায়ু সেনা একাডেমীত(Air Force Academy) এক সংযুক্ত স্নাতক পেৰেড(Combined Graduation Parade) সম্বোধন কৰাৰ সময়তে বায়ু সেনাৰ মুৰব্বী গৰাকীয়ে এই মন্তব্য কৰে । তেওঁৰ মতে বায়ু সেনা বাহিনী এক বিশেষ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে । তেওঁ উল্লেখ কৰা মতে বৰ্তমান সময়ত যিধৰণে বিশেষ প্ৰযুক্তি আৰু যুদ্ধ কৌশলৰ দ্ৰুত সঞ্চাৰ হৈছে পূৰ্বে কেতিয়াও হোৱা নাই । ইয়াৰ কাৰণ বাখ্যা কৰি কয় যে নিৰাপত্তাৰ দিশত তীব্ৰ প্ৰত্যাহ্বান অহাৰ বাবে এই ধৰণৰ বিকাশ সম্ভৱ হৈছে বায়ু সেনাত ।

বায়ু সেনা বাহিনীৰ সফলতাৰ বিষয় সমূহ উল্লেখ কৰি তেওঁ কয় যে বিগত কেইটামান দশকত যিকোনো সংঘৰ্ষত বিজয় অৰ্জনৰ ক্ষেত্ৰত বায়ু সেনাৰ শক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকা স্পষ্টভাৱে প্ৰতিষ্ঠা কৰা হৈছে ।সেই সফলতা সমূহ লক্ষ্য কৰিলেই দেখা যাব বায়ু সেনাৰ সামৰ্থ্য । ইফালে এই পেৰেডৰ পৰ্যালোচনা সভাত বায়ু সেনা বাহিনীৰ মুৰব্বী ভদৌৰিয়াই ক'ভিড(Covid) মহামাৰীৰ সময়ত বায়ু সেনাৰ ভূমিকা সন্দৰ্ভতো উল্লেখ কৰে ।

বায়ু সেনাৰ মুৰব্বী গৰাকীৰ মতে ক'ভিড পৰিস্থিতিত দেশজুৰি বায়ু সেনা বাহিনীয়ে(IAF) বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । উল্লেখ্য যে হায়দৰাবাদৰ বায়ু সেনা একাডেমীত এক সংযুক্ত স্নাতক পেৰেড সম্বোধন কৰিছিল বায়ু সেনাৰ মুৰব্বী গৰাকীয়ে । ইয়াৰ পূৰ্বে এই পেৰেডত ৰাফেল সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল ভদৌৰিয়াই । তেওঁ উল্লেখ কৰা মতে ২০২২ চনৰ ভিতৰত দেশত অন্তৰ্ভূক্তি সম্পূৰ্ণ হ'ব ৩৬ ৰাফেল(Rafale) যুঁজাৰু বিমানৰ ।

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোৱা ফেব্ৰুৱাৰী মাহত কৈছিল যে ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত আটাইকেইখন যুঁজাৰু বিমান ভাৰত পাবহি ।

লগতে পঢ়ক :ৰাছিয়াৰ কেমেৰোভোত বিমান দুৰ্ঘটনা: ৪ জন নিহত

ABOUT THE AUTHOR

...view details