অসম

assam

ETV Bharat / bharat

বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন জয় কিষাণলৈ টেনজিং নৰগে দু:সাহসিক পৰ্বতাৰোহন বঁটা - mount everest

বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন জয় কিষাণক সন্মানীয় টেনজিং নৰগে দু:সাহসিক পৰ্বতাৰোহন বঁটা প্ৰদান ৷ এজন সশস্ত্ৰ বাহিনীৰ বিষয়াই প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছে ।

Indian Air Force Team Captain Jai Kisan has been awarded with Tenzing Narge Lifetime National Mountaineering Award
বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন জয় কিষাণক সন্মানীয় টেনজিং নৰগে দুশাহসিক পৰ্বতাৰোহন বঁটা প্ৰদান

By

Published : Nov 16, 2021, 3:33 PM IST

তেজপুৰ,১৬ নৱেম্বৰ : ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন জয় কিষাণক সন্মানীয় টেনজিং নৰগে আজীৱন ৰাষ্ট্ৰীয় পৰ্বতাৰোহন বঁটা প্ৰদান কৰা হৈছে ৷ তেওঁৰ জীৱনকালৰ কৃতিত্বৰ বাবে এই সন্মান জনোৱা হৈছে । এজন সশস্ত্ৰ বাহিনীৰ বিষয়াই প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছে । প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ শ্ৰীপ্ৰকাশে কয় যে ,বায়ুসেনা বিষয়া গৰাকীক এই বঁটা ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে এক অনুষ্ঠান যোগে প্ৰদান কৰিছে ।

বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন জয় কিষাণলৈ টেনজিং নৰগে দু:সাহসিক পৰ্বতাৰোহন বঁটা

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে 2010 চনত তেওঁ মাউণ্ট এভাৰেষ্টৰ (mount everest) পৰা স্কাই ডাইভিং(Sky Diving) কৰি বিশ্ব ৰেকৰ্ড স্থাপন কৰাৰ বাবে ARO Sports Category ৰ বাবে বঁটা লাভ কৰিছিল । গ্ৰুপ কেপ্টেইন জয় কিষাণ বৰ্তমান হিমালয়ান মাউণ্টেৰিঙৰ অধ্যক্ষ হিচাপে নিযুক্ত হৈ আছে, যি হৈছে দাৰ্জিলিঙৰ এটা পৰ্বতাৰোহণ প্ৰতিষ্ঠান ।

বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন জয় কিষাণলৈ টেনজিং নৰগে দু:সাহসিক পৰ্বতাৰোহন বঁটা

তেওঁৰ নামত সম্প্ৰতি ছটাকৈ ৰেকৰ্ড আছে, এটা এডভেঞ্চাৰ স্পৰ্টছৰ ক্ষেত্ৰত এছিয়ান ৰেকৰ্ড আৰু ছয়টা ৰাষ্ট্ৰীয় অভিলেখ । বিগত বিশ বছৰত ভাৰতৰ লগতে বিদেশতো তেওঁ 2000 তকৈও অধিক পেৰাচুট জাম্প কৰি অভিলেখ গঢ়িছে । তেওঁ বিশ হাজাৰৰো অধিক পেৰা জাম্পাৰক প্ৰশিক্ষণ দিছে ৷ তেওঁৰ ব্যক্তিগত কৃতিত্বৰ উপৰিও তেওঁ দুঃসাহসিক ক্ৰীড়া অনুসৰণ কৰিবলৈ যুৱসকলকো অনুপ্ৰাণিত কৰি আহিছে ৷

লগতে পঢ়ক :HSLC Exam : ২৫ নৱেম্বৰৰ পৰা অনলাইন প্ৰ-পত্ৰ পূৰণ

ABOUT THE AUTHOR

...view details