অসম

assam

ETV Bharat / bharat

বাংলাদেশত উপস্থিত ভাৰতীয় বায়ুসেনা প্ৰধান - য়াৰ চীফ মাৰ্চেল আৰ.কে.এচ ভাদুৰিয়াৰ বাংলাদেশ ভ্ৰমণ

চাৰিদিনীয়া ভ্ৰমণ সূচীৰে বাংলাদেশত উপস্থিত হৈছে ভাৰতীয় বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্চেল আৰ কে এছ ভাদুৰিয়া ৷

Indian Air Force chief reaches Dhaka on 4-day visit
চাৰিদিনীয়া ভ্ৰমণসমূচীৰে বাংলাদেশত উপস্থিত বায়ু সেনা প্ৰধান

By

Published : Feb 23, 2021, 12:18 PM IST

নিউজ ডেস্ক,23 ফেব্ৰুৱাৰী: চাৰিদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশত উপস্থিত হৈছে ভাৰতীয় বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্চেল আৰ কে এছ ভাদুৰিয়া ৷ এই ভ্ৰমণকালত বাংলাদেশৰ বায়ুসেনাৰ শীৰ্ষ বিষয়াসকলৰ লগতে ৰাষ্ট্ৰখনৰ মুখ্য অপাৰেশ্যনেল বেচসমূহো পৰিদৰ্শন কৰিব বায়ুসেনা প্ৰধানগৰাকীয়ে ৷

প্ৰতিৰক্ষা মুখপাত্ৰ লেফেটনেণ্ট কৰ্ণেল খংচাইয়ে কয় যে, ভাদুৰিয়া আৰু প্ৰতিনিধিৰ দলে দুয়ো দেশৰে যুটীয়া উন্নয়নৰ দিশসমূহ আলোচনা কৰাৰ উপৰিও ভৱিষ্যতলৈও পাৰস্পৰিক সামৰিক সহযোগিতা অব্যাহত ৰখাৰ উপায় বিচাৰি উলিয়াব ৷ ইয়াৰ উপৰিও বায়ুসেনা প্ৰধানৰ বাংলাদেশ ভ্ৰমণৰ বাবে তেওঁক বাংলাদেশৰ বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্চেল মছিহুজ্জামান চাৰ্ণিয়াবাটে আমন্ত্ৰণ জনোৱা বুলিও ব্যক্ত কৰে ৷

উল্লেখ্য যে, চাৰ্ণিয়াবাটে বাংগালুৰুৰ য়েলাহাংকা বিমানঘাটিত অনুষ্ঠিত ‘এয়াৰ ষ্টাফ কনক্লেভ 2021’ ত বাংলাদেশৰ এৰো ইণ্ডিয়া 2021 ৰ এটি দলক প্ৰতিনিধিত্ব কৰিছিল ৷

লগতে পঢ়ক-হাইদৰাবাদৰ শিৰত এটি দুৰ্লভ খিতাপ

ABOUT THE AUTHOR

...view details