নেশ্যনেল ডেস্ক,২৬ জুন :শেহতীয়া বছৰবোৰত দেশত বানপানী, ভূমিকম্প, ভূমিস্খলন আদি সমস্যাই অধিক জটিল ৰূপ লোৱা দেখা গৈছে । সম্প্ৰতি অসমত বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে । তেনে সময়তে গুজৰাটৰ কেৱাদিয়াত দুৰ্যোগ ব্যৱস্থাপনা সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Parliamentary Advisory Committee meeting on Disaster management)। এই বৈঠকত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে সভাপতিত্ব কৰে ।
বৈঠকতে মন্ত্ৰীগৰাকীয়ে ভাৰতৰ দুৰ্যোগ ব্যৱস্থাপনাক প্ৰশংসা কৰে । তেওঁ উল্লেখ কৰা মতে বৰ্তমান দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ শীৰ্ষস্থানত আছে (Disaster management of India)। ২০৪৭ চনত স্বাধীনতাৰ শতবাৰ্ষিকী সম্পূৰ্ণ হোৱাৰ লগে লগে দেশখনে এই ক্ষেত্ৰত নিজৰ স্থিতি আৰু অধিক শক্তিশালী কৰিব বুলিও তেওঁ উল্লেখ কৰে । এই লক্ষ্যত উপনীত হ'বলৈ গৃহ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (NDMA) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে (NDRF) সম্পূৰ্ণ প্ৰচেষ্টা চলাই আছে বুলিও দাবী কৰে শ্বাহে ।
শ্বাহে কয় যে এছএমএছ (SMS), ম'বাইল এপ আৰু পৰ্টেলৰ দৰে অভিনৱ প্ৰযুক্তিৰ জৰিয়তে এক আগতীয়া সতৰ্কবাণী প্ৰণালী বিকাশ কৰা হৈছে যাতে প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আগতীয়া সতৰ্কবাণী দিব পৰা যায় । ইফালে এই প্ৰক্ৰিয়া শক্তিশালী কৰাৰ বাবে সমগ্ৰ দেশতে 'কমন এলাৰ্টিং প্ৰটোকল'(Common Alerting Protocol) প্ৰকল্প ৰূপায়ণ কৰা হৈছে (Amit Shah on Common Alerting Protocol)। চৰকাৰৰ সফল প্ৰচেষ্টাৰ ফলত যোৱা কেইবছৰমানত সংঘটিত বিভিন্ন দুৰ্যোগৰ সময়ত প্ৰাণ আৰু সম্পত্তিৰ ক্ষতি পূৰ্বতকৈ হ্ৰাস হৈছে বুলিও তেওঁ দাবী কৰে ।
উদাহৰণ দাঙি ধৰি তেওঁ কয় যে ১৯৯৯ চনত দেশত হোৱা ভয়ংকৰ ঘূৰ্ণীবতাহত প্ৰায় ১০,০০০ লোকে প্ৰাণ হেৰুৱাইছিল, আনহাতে ইয়াৰ বিপৰীতে শেহতীয়া ঘূৰ্ণীবতাহত মাত্ৰ কেইজনমান লোকেহে প্ৰাণ হেৰুৱাইছে । বৈঠকত গৃহ মন্ত্ৰালয়, এন ডি এম এ (NDMA) আৰু এন ডি আৰ এফৰ (NDRF) জ্যেষ্ঠ বিষয়াসকলৰ লগতে গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়, অজয় কুমাৰ মিশ্ৰ, নিশিথ প্ৰমানিক আৰু কেন্দ্ৰীয় গৃহ সচিব উপস্থিত থাকে ।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ উন্নয়ন সম্ভৱ হৈছে । আগতীয়া সতৰ্কতা ব্যৱস্থা, সাহায্য ব্যৱস্থা, প্ৰাৰম্ভিক প্ৰস্তুতি আদিও সক্ৰিয় হৈছে । শ্বাহে সমিতিৰ সদস্যসকলক জনায় যে, প্ৰধানমন্ত্ৰী মোডীয়ে যোৱা আঠ বছৰত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে বাজেটত ১২২ শতাংশ বৃদ্ধি কৰিছে । তেওঁ কয় যে, মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে যোৱা আঠ বছৰত দুৰ্যোগ ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱৰ্তনক অগ্ৰাধিকাৰ দিছে ।