অসম

assam

By

Published : Jul 26, 2023, 10:22 PM IST

ETV Bharat / bharat

PM Modi: মোৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ অৰ্থনীতি হ’ব; প্ৰধানমন্ত্ৰীৰ গেৰাণ্টি

প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ অৰ্থনীতিত পৰিণত হ’ব ৷ এই দাবী খোদ প্ৰধানমন্ত্ৰীগৰাকীৰ ৷ তেওঁ কয়, ‘‘এয়া মোদীৰ গেৰাণ্টি ৷’’

Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক, 26 জুলাই:দেশৰ প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে তেওঁৰ তৃতীয় কাৰ্যকালৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনা প্ৰকাশ কৰে ৷ পৰিকল্পনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত এতিয়াৰ তুলনাত দ্ৰুত বিকাশৰ হাৰৰ সৈতে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হ’ব ৷

2024 চনৰ মে’ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাৰ্যকালৰ 10 বছৰ সম্পূৰ্ণ হ’ব আৰু পুনৰ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচন কৰাৰ বাবে ইতিমধ্যেই বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰিছে ৷ নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীয়ে এটা বিশ্বমানৰ সন্মিলন কেন্দ্ৰ উন্মোচন কৰি কয়, ‘‘আমি অহা 25 বছৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য প্ৰাপ্ত কৰিব লাগিব ৷’’

তেওঁ নীতি আয়োগৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে 13.5 কোটি দৰিদ্ৰলোকৰ দৰিদ্ৰতা নিশ্চিতভাৱে ভাৰতে দূৰ কৰিব পাৰিব ৷ বিমানবন্দৰৰ সংখ্যাৰ পৰা ৰে’ল লাইন বৈদ্যুতিকৰণৰ, গেছ যোগান আদি বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে 2014 চনত বিজেপি শাসনলৈ অহাৰ পাচৰে পৰা ভাৰত বিশ্বৰ ভিতৰতৰ দশম বৃহৎ অৰ্থানীতিত পৰিণত হৈছে ৷

ভাৰত এতিয়া আমেৰিকা যুক্তৰাজ্য, চীন, জাৰ্মানী আৰু জাপানৰ পিচত বিশ্বৰ পঞ্চম স্থানত আছে ৷ তেওঁ দিল্লীত আন্তৰ্জাতিক প্ৰদৰ্শনী সন্মিলন কেন্দ্ৰ (আইইচিচি) উদ্বোধন কৰি আৰু কয়, ‘‘আমি ভাৰতক প্ৰথমে ৰাষ্ট্ৰৰ নীতিৰ ওপৰত কাম কৰা আৰু নাগৰিকৰ বাবে কাম কৰা এখন উন্নত ৰাষ্ট্ৰ হিচাবে গঢ়ি তুলিম ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া বিজেপি চৰকাৰে 2014 চনত কাৰ্যভাৰ শাসনলৈ আহিছিল, সেই সময়ত ভাৰতীয় অৰ্থনীতি দশম স্থানত আছিল আৰু এতিয়া ই বিশ্বৰ পঞ্চম স্থানত আছে ৷ তেওঁ কয় লগতে কয়, ‘‘মোৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ অৰ্থনীতি হ’ব ৷’’

উল্লেখ্য যে মে’ মাহত দেশত অনুষ্ঠিত হ’ব পৰৱৰ্তী সাধাৰণ নিৰ্বাচন ৷ ‘‘মই দেশবাসীক আশ্বাস দিব বিচাৰো যে মোৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত থাকিব ৷ এয়া মোদীৰ গেৰাণ্টি ৷’’

লগতে পঢ়ক:Lok Sabha Debate on Manipur: মণিপুৰৰ ওপৰত অনাস্থা প্ৰস্তাৱক লৈ লোকসভাৰ সদস্যক নৈতিক প্ৰত্যাহ্বান কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details