অসম

assam

ETV Bharat / bharat

India Weather Forecast : ২৬ জুনত অসম আৰু মেঘালয়ত বৰষুণৰ সম্ভাৱনা

বতৰৰ আগলি বতৰা দিয়া স্কাইমেট ৱেডাৰৰ মতে, ২৪ ঘণ্টাৰ ভিতৰত মধ্যপ্ৰদেশ, ছত্তীশগড়, বিদৰ্ভ, তেলেংগানা, কোঙ্কন আৰু গোৱা, উপকূলীয় কৰ্ণাটক, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু ওড়িশাৰ কিছু অংশত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ লগতে কিছুমান ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ।

By

Published : Jun 24, 2023, 3:52 PM IST

India Weather Forecast
India Weather Forecast

নিউজ ডেস্ক, ২৪ জুন : আগন্তুক ৫ দিনত উত্তৰ-পূৰ্বাঞ্চল আৰু ইয়াৰ কাষৰীয়া পূব ভাৰতত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ লগতে বিজুলী-ঢেৰেকনি হোৱাৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান বিভাগে ২৬ জুনলৈকে অৰুণাচল প্ৰদেশ আৰু বিহাৰত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে । আনহাতে, ২৬ জুনত অসম আৰু মেঘালয়ত, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামত ২৭ জুনলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা আছে । লগতে পশ্চিমবংগ আৰু ছিকিমতো বৰষুণৰ সম্ভাৱনাৰ কথা জনোৱা হৈছে । আনহাতে, ২৭ জুনত ওড়িশাত আৰু ২৫ আৰু ২৬ জুনত ঝাৰখণ্ডত বৰষুণৰ সম্ভাৱনাও ব্যক্ত কৰা হৈছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি, দক্ষিণ-পশ্চিম মৌচুমী বায়ু আগবাঢ়ি যোৱাৰ বাবে ছত্তীশগড়, ঝাৰখণ্ড আৰু বিহাৰৰ বাকী অংশ, পূব মধ্যপ্ৰদেশৰ পৰিস্থিতি অনুকূল হৈ থাকিব । পৰৱৰ্তী দুদিনত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ কিছু অংশত মৌচুমী বৰষুণ হোৱাৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বানুমান অনুসৰি, আগন্তুক ৩-৪ দিনৰ ভিতৰত মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু তেলেংগানাৰ কিছু অংশত দক্ষিণ-পশ্চিম মৌচুমী বায়ু অধিক আগুৱাই যোৱাৰ বাবে পৰিস্থিতি অনুকূল হৈ পৰিব ।

পূৰ্বানুমান অনুসৰি, পূব-মধ্য আৰু উত্তৰ-পশ্চিম ভাৰতৰ কিছু অংশত আগন্তুক পাঁচ দিনত ধাৰাসাৰৰ পৰা পিৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান বিভাগৰ মতে, শুকুৰবাৰে দক্ষিণ-পশ্চিম মৌচুমী বায়ু কৰ্ণাটক, তেলেংগানাৰ বাকী অংশলৈ আগবাঢ়িছে । শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশ, বিদৰ্ভ, ছত্তীশগড়ৰ কিছু অংশ, উত্তৰ-পশ্চিম বংগোপসাগৰৰ বাকী অংশ, ওড়িশা আৰু গাঙ্গেয় পশ্চিমবংগৰ বাকী অংশ, ঝাৰখণ্ড আৰু বিহাৰৰ কিছু অংশ আৰু পূব উত্তৰ প্ৰদেশৰ কিছু অংশত বাৰিষাৰ বৰষুণ হোৱা দেখা যায় ।

পৰৱৰ্তী ৫ দিনত বতৰ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ পূৰ্বানুমান আৰু সতৰ্কবাণী

দক্ষিণ-পশ্চিম মৌচুমী বায়ু শক্তিশালী হোৱাৰ বাবে বতৰ বিভাগে দেশৰ বাকী অংশৰ বাবে বতৰৰ পূৰ্বানুমান আৰু সতৰ্কবাণী জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগৰ মতে, উত্তৰ-পশ্চিম বংগোপসাগৰৰ ওপৰেৰে কেন্দ্ৰীয় ট্ৰোপোস্ফেৰিক স্তৰলৈকে এক ঘূৰ্ণীবতাহ বিস্তীৰ্ণ হৈ আছে ।

উত্তৰ-পশ্চিম ভাৰতৰ জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত পাতলৰ পৰা মধ্যমীয়া বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে । আনহাতে, ২৭ জুনত পঞ্জাব, হাৰিয়ানাত, দেওবাৰে চণ্ডীগড় আৰু দিল্লী আৰু পূব ৰাজস্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

পৰৱৰ্তী ৫ দিনত মধ্য প্ৰদেশ, ছত্তীশগড় আৰু বিদৰ্ভৰ বিভিন্ন স্থানত পাতলৰ পৰা মধ্যমীয়া তথা বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনহাতে, শনিবাৰে ছত্তীশগড়ৰ বিভিন্ন স্থানত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

সৰ্বাধিক তাপমাত্ৰা আৰু তাপ প্ৰৱাহৰ সতৰ্কবাণী

ইয়াৰ উপৰি আগন্তুক পাঁচ দিনত দক্ষিণ বিহাৰ, দক্ষিণ-পূব উত্তৰ প্ৰদেশ, উত্তৰ-পূব বিহাৰত সৰ্বাধিক তাপমাত্ৰা ৩৮-৪০ ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে । মধ্যপ্ৰদেশ, বিদৰ্ভ, তেলেংগানা আৰু দক্ষিণ-মধ্য মহাৰাষ্ট্ৰত স্বাভাৱিক তাপমাত্ৰা ৩ ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা ৪ ডিগ্ৰী চেণ্টিগ্ৰেডলৈ হ্ৰাস হ'ব পাৰে । পৰৱৰ্তী দুদিনত পূব ভাৰতৰ সৰ্বাধিক তাপমাত্ৰা ২-৩ ডিগ্ৰী চেলচিয়াছ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ।

আনহাতে, পৰৱৰ্তী চাৰি দিনত উত্তৰ-পশ্চিম ভাৰতৰ কিছু অংশ (পশ্চিম ৰাজস্থানৰ বাহিৰে) আৰু মধ্য ভাৰতৰ বেছিভাগ অঞ্চলত তাপমাত্ৰা ৪-৬ ডিগ্ৰী চেণ্টিগ্ৰেড হ্ৰাস হোৱাৰ সম্ভাৱনা আছে । একে সময়তে পশ্চিম ভাৰতৰ তাপমাত্ৰা ২-৪ ডিগ্ৰী চেলচিয়াছ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে । পৰৱৰ্তী ৫ দিনত দেশৰ বাকী অংশত সৰ্বাধিক তাপমাত্ৰাত কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱাৰ কোনো সম্ভাৱনা নাই । পৰৱৰ্তী ৫ দিনত সমগ্ৰ দেশতে তাপ প্ৰৱাহৰ কোনো সম্ভাৱনা নাই ।

লগতে পঢ়ক :Khaderpet Banian Market fire : তামিলনাডুত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি গ'ল ৫০ৰো অধিক কাপোৰৰ দোকান

ABOUT THE AUTHOR

...view details