নেশ্যনেল ডেস্ক,১১ এপ্ৰিল :বিশ্ব বাণিজ্য সংস্থাক অধিক প্ৰগতিশীল হোৱাটো বিচাৰে ভাৰতে (India wants WTO to be more progressive)। লগতে আন দেশৰ কথাও শুনাটো প্ৰয়োজন বুলি ভাবে । কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে কয় যে, বিশ্ব বাণিজ্য সংস্থাই কেৱল শুনিবলৈ নহয় ব্যতিক্ৰমী চিন্তা কৰা দেশবোৰক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন আছে ।
আমেৰিকাৰ পিটাৰচন ইনষ্টিটিউট ফৰ ইণ্টাৰনেচনেল ইকনমিক্সত (Peterson Institute for International Economics) এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সীতাৰমণে এই মন্তব্য কৰে । তেওঁ কয় যে, সংস্থাটো বহুত বেছি প্ৰগতিশীল হোৱাটো প্ৰয়োজন, সকলো দেশৰ কথা শুনিব লাগে, সকলো সদস্যৰ প্ৰতি ন্যায্য হ'ব লাগে ।
তেওঁ লগতে কয় যে সৌভাগ্যক্ৰমে ২০১৪ ৰ পৰা ২০১৭ চনৰ ভিতৰত ভাৰতৰ বাণিজ্য মন্ত্ৰী হৈ থকা সময়ত তেওঁ বিশ্ব বাণিজ্য সংস্থাৰ সৈতে কিছু সময় অতিবাহিত কৰিছিল (Nirmala Sitharaman on WTO)। যিবোৰ দেশৰ ব্যতিক্ৰমী কোনো পদক্ষেপ আছে সেই দেশবোৰৰ কথা শুনাৰ লগতে এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব লাগে বুলিও তেওঁ বিশ্ব বাণিজ্য সংস্থাক আহ্বান জনায় ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য সচিবৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ সৈতে বাণিজ্য সচিবগৰাকীৰ কথাৰ মিল আছে (Finance Minister Nirmala Sitharaman)। পৰম্পৰাগত ব্যৱসায়িক পদ্ধতিটো প্ৰকৃততে কি ? বজাৰখন উদাৰ কৰাটো প্ৰকৃততে কি ? শুল্ক হ্ৰাসৰ ক্ষেত্ৰত ইয়াৰ প্ৰকৃত অৰ্থ কি হ'ব ? এই বিষয়বোৰ গুৰুত্ব দিব লাগে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।