নেশ্যনেল ডেস্ক, ১৭ আগষ্ট:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে জি-২০ৰ সকলো দেশকে প্ৰতিযোগী হিচাপে গণ্য নকৰি প্ৰগতিশীল অংশীদাৰ হিচাপে গণ্য কৰাৰ ভাৰতৰ প্ৰতিশ্ৰুতিৰ বিষয়ে উল্লেখ কৰে । বি-২০ ব্যৱসায়িক সন্মিলনত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "এখন লাভজনক বজাৰ স্থায়ী হ'ব পাৰে । য'ত উৎপাদক আৰু গ্ৰাহকৰ স্বাৰ্থত ভাৰসাম্য থাকে ৷ অন্য দেশক কেৱল বজাৰ হিচাপে গণ্য কৰিলে কেতিয়াও কাম নহ'ব । ব্যৱসায়ক অধিক গ্ৰাহককেন্দ্ৰিক কেনেকৈ কৰিব পাৰি সেই বিষয়ে অধিক চিন্তা কৰক ? "
তেওঁ বিশ্বৰ ব্যৱসায়িক নেতাসকলক কেৱল গ্ৰাহক অধিকাৰ দিৱস পালন কৰিলেই কাম নহ’ব বুলি উল্লেখ কৰি গ্ৰাহকৰ চিন্তাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "বিশ্বৰ সকলো ব্যৱসায়ীয়ে কনজিউমৰ বাবে এটা দিন উচৰ্গা কৰিব পাৰিবনে । গ্ৰাহকৰ পচন্দৰ কথা কোৱাৰ সময় আহি পৰিছে আৰু ভাৰতে এই ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে । "