স্পৰ্টছ ডেস্ক,১২ জুন :অহা অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ । এইবাৰ এদিনীয়া বিশ্বকাপ ভাৰতত অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত এদিনীয়া বিশ্বকাপৰ বিষয়ে এটা ডাঙৰ আপডেট পোহৰলৈ আহিছে । বিচিচিআইয়ে ইতিমধ্যে বিশ্বকাপৰ খচৰা অনুসূচী আইচিচিৰ ওচৰত দাখিল কৰিছে । আইচিচিৰ সকলো সদস্যই এই খচৰা অনুসূচী অনুমোদন কৰাৰ পাছতে চূড়ান্ত সময়সূচী প্ৰস্তুত হ'ব । বাতৰি অনুসৰি, আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ এই বছৰৰে ৫ অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ অন্তিম খন খেল ১৯ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।
খবৰ অনুসৰি, এদিনীয়া বিশ্বকাপ ২০২৩ৰ প্ৰথমখন খেল ৫ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়ামত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব পাৰে । তাৰ পাছত, এই প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনো ১৯ নৱেম্বৰত একেখন খেলপথাৰতে অনুষ্ঠিত হ'ব । ভাৰতীয় দলটোৱে ৯ খন খেল ৯ টা পৃথক স্থানত খেলিব ।
ইয়াৰ উপৰিও, ভাৰত আৰু পাকিস্তানৰ মাজৰ খেল কেতিয়া খেলা হ'ব সেই সম্পৰ্কেও এক আপডেট পোৱা গৈছে । ১৫ অক্টোবৰত নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হ'ব বুলি অনুমান কৰা হৈছে । ইয়াৰ লগতে পাকিস্তান দলৰ খেলসমূহো ৫ টাকৈ স্থানত অনুষ্ঠিত হ'ব পাৰে বুলিও খবৰ পোৱা গৈছে ।