অসম

assam

ETV Bharat / bharat

INDIA vs NDA : ১ ছেপ্টেম্বৰত মুম্বাইত দুই প্ৰতিদ্বন্দ্বী মিত্ৰজোঁটৰ ৰণনীতি বৈঠক

ইণ্ডিয়া মিত্ৰজোঁটৰ সদস্যসকলে ১ ছেপ্টেম্বৰত মুম্বাইত এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰাৰ কথা আছে । বৈঠকখনত লোকসভা নিৰ্বাচনৰ বাবে মিত্ৰতাৰ ৰণনীতি আৰু ৰাজ্যসমূহত আসন ভাগ-বতৰাৰ বিষয়ে আলোচনা কৰা হ'ব । ইণ্ডিয়া মিত্ৰজোঁটৰ এটা নতুন ল'গ'ও মুকলি কৰাৰ সম্ভাৱনা আছে । একে সময়তে মহাৰাষ্ট্ৰত নতুন অংশীদাৰ অজিত পাৱাৰ নেতৃত্বাধীন এনচিপি গোটৰ সৈতে এনডিএ মিত্ৰজোঁটেও মুম্বাইত একেটা তাৰিখতে মিলিত হোৱাৰ কথা আছে ।

লোকসভা নিৰ্বাচন ২০২৪
INDIA vs NDA

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 2:09 PM IST

নিউজ ডেস্ক, ২৯ আগষ্ট :লোকসভা নিৰ্বাতনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয় শিবিৰতে এতিয়া নিৰ্বাচনী প্ৰস্তুতিৰ ব্যস্ততা পৰিলক্ষিত হৈছে । এফালে তৃতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰ শাসন-ক্ষমতাত থকাৰ ৰণনীতি, আনফালে বিজেপি নেতৃত্বাধীন এনডিএক ওফৰাই শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনাৰ বাবে বিৰোধী মিত্ৰজোঁটৰ পৰিৰল্পনা ।

আগন্তুক বছৰৰ আৰম্ভণিতে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি নিৰ্ধাৰিত হোৱাৰ লগে লগেই বিৰোধী ইণ্ডিয়া মিত্ৰজোঁট আৰু শাসনাধিষ্ঠিত এনডিএৰ মাজত প্ৰত্যক্ষ নিৰ্বাচনী যুঁজ আৰম্ভ হৈছে । তাৰ বাবেই ১ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইত দুয়োটা মিত্ৰজোঁটৰ সমান্তৰাল উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব ।

ইণ্ডিয়া মিত্ৰজোঁটৰ সদস্যসকলে ১ ছেপ্টেম্বৰত মুম্বাইত এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰাৰ কথা আছে । বৈঠকখনত লোকসভা নিৰ্বাচনৰ বাবে মিত্ৰতাৰ ৰণনীতি আৰু ৰাজ্যসমূহত আসন ভাগ-বতৰাৰ বিষয়ে আলোচনা কৰা হ'ব । ইণ্ডিয়া মিত্ৰজোঁটৰ এটা নতুন ল'গ'ও মুকলি কৰাৰ সম্ভাৱনা আছে ।

একে সময়তে মহাৰাষ্ট্ৰত নতুন অংশীদাৰ অজিত পাৱাৰ নেতৃত্বাধীন এনচিপি গোটৰ সৈতে এনডিএ মিত্ৰজোঁটেও মুম্বাইত একে তাৰিখত মিলিত হোৱাৰ কথা আছে । অজিত পাৱাৰ গোটক প্ৰতিনিধিত্ব কৰা এনচিপিৰ সাংসদ সুনীল তাতকাৰে কয়, "এই বৈঠকত আমাৰ ৰাজ্য চৰকাৰৰ মিত্ৰজোঁটৰ অংশীদাৰ বিজেপি, শিৱসেনা (একনাথ শিন্দে) আৰু এনচিপিয়ে (অজিত পাৱাৰ) অংশগ্ৰহণ কৰিব ।"

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ সৈতে একে সময়তে অনুষ্ঠিত হ'বলগা বৈঠক সম্পৰ্কে সোধাত সুনীল তাতকাৰে কয়, "আমাৰ বৈঠকখন আমাৰ সমন্বয় সমিতিৰ দ্বাৰা বিগত ৰাজ্যিক বিধানসভাৰ বৰ্যাকালীন অধিবেশনৰ বহু পূৰ্বেই পৰিকল্পনা কৰা হৈছিল । সেয়েহে বিৰোধী দলৰ সৈতে একেটা তাৰিখত আমি এই বৈঠক অনুষ্ঠিত কৰিবলৈ যোৱা বুলি কোৱাৰ কোনো অৰ্থ নাই ।" ইফালে জ্যেষ্ঠ কংগ্ৰেছ জ্যেষ্ঠ নেতা অশোক সাৱনেও নিশ্চিত কৰে যে ইণ্ডিয়াৰ বৈঠকৰ বাবে প্ৰায় ২৬-২৭ টা বিৰোধী মিত্ৰজোঁটৰ দল মুম্বাইলৈ আহিব ।

"মুম্বাইত ৩১ আগষ্টৰ সন্ধিয়া এক অনানুষ্ঠানিক সমাবেশ আৰু ১ ছেপ্টেম্বৰত আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হ'ব । এতিয়ালৈকে দুখন সভাৰ আয়োজন কৰা হৈছে । গতিকে এই তৃতীয় বৈঠকত পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা হ'ব । আমি এটা উমৈহতীয়া ল'গ' প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু ইয়াক ৩১ আগষ্টত উন্মোচন কৰা হ'ব পাৰে ।" অশোক চৱনে কয় ।

ইফালে দেওবাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মিত্ৰতাৰ সম্ভাৱ্য সম্প্ৰসাৰণৰ ইংগিত দিয়ে । তেওঁ কয় যে, আৰু কেইটামান আঞ্চলিক দলে মিত্ৰতাৰ সৈতে হাত মিলাব বুলি আশা কৰা হৈছে । "আমি মুম্বাইত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ইণ্ডিয়া মিত্ৰজোঁটৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰিম । বৈঠকৰ বাবে আমাৰ কাৰ্যসূচীত আসন ভাগ-বতৰা আৰু অন্যান্য বিষয়ো আছে । আৰু কেইটামান ৰাজনৈতিক দলে আমাৰ মিত্ৰজোঁটত যোগদান কৰিব । মই ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সৰ্বাধিক সংখ্যক দলক একত্ৰিত কৰিব বিচাৰোঁ । মই সেই দিশত কাম কৰি আছোঁ ।" নীতিশ কুমাৰে কয় ।

আনহাতে, কংগ্ৰেছ নেতা পি এল পুনিয়াই কয় যে আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ বিজয় নিশ্চিত কৰাৰ পিছত ইণ্ডিয়া ব্লকৰ বাবে প্ৰধানমন্ত্ৰী পদৰ নাম নিৰ্ধাৰণ কৰা হ'ব । ইণ্ডিয়া মিত্ৰজোঁটে সিদ্ধান্ত লৈছে যে, ক্ষমতালৈ অহাৰ পিছত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত লোৱা হ'ব । নিৰ্বাচিত সাংসদসকলে প্ৰধানমন্ত্ৰীৰ বাছনি কৰিব বুলি কংগ্ৰেছ নেতাজনে কয় ।

উল্লেখ্য যে ইণ্ডিয়া বা 'ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স' হৈছে কংগ্ৰেছকে ধৰি ২৬ টা বিৰোধী দলৰ এক মিত্ৰজোঁট । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) নেতৃত্বত থকা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এনডিএ) সৈতে যুঁজিবলৈ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰত নিৰন্তৰভাৱে তৃতীয়বাৰৰ বাবে জয়লাভ কৰাত বাধা দিবলৈ বিৰোধী দলসমূহ একত্ৰিত হৈছে । ২৩ জুনত পাটনাত যুটীয়া বিৰোধী দলৰ প্ৰথম বৈঠক আৰু দ্বিতীয়খন বৈঠক ১৭-১৮ জুলাইত বেংগালুৰুত অনুষ্ঠিত হয় । তৃতীয়খন বৈঠক অহা ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :Manipur Assembly : আজি 11 বজাৰ পৰা মণিপুৰ বিধানসভাৰ এদিনীয়া অধিবেশন

ABOUT THE AUTHOR

...view details