নেচনেল ডেস্ক, 12 মাৰ্চ:United Nations Security Council (UNSC) ৰ বিভিন্ন বিষয় সন্দৰ্ভত ভাৰত আৰু ভিয়েটনামে বৃহস্পতিবাৰে এক দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত কৰে ৷ VTC মঞ্চৰ জৰিয়তে অনুষ্ঠিত আলোচনাত দুয়োপক্ষই UNSC এজেন্দাৰ মুখ্য বিষয়সমূহৰ ওপৰত একেলগে কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৷
ডিপাৰ্টমেন্ট অফ ইন্টাৰনেশ্যনেল অৰগেনাইজেশ্যনৰ বিষয়ববীয়া সকলৰ লগতে ডিপাৰ্টমেন্ট অফ চাউথ ইষ্ট এচিয়া, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চাউথ পেচিফিক, নতুন দিল্লীৰ ভিয়েটনামৰ দূতাবাস আৰু ৰাষ্ট্ৰসংঘলৈ ভিয়েটনামৰ স্থায়ী মিছনৰ বিষয়াসকল এই আলোচনাত উপস্থিত আছিল ৷
আলোচনাত উপস্থিত থকা ভিয়েটনামৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল ডিপাৰ্টমেন্ট অফ ইন্টাৰনেশ্যনেল অৰগেনাইজেশ্যনৰ মহানিৰ্দেশক ড' হাং ভিয়েট ৷ ইয়াৰ পৰিৱৰ্তে ভাৰতীয় প্ৰতিনিধিৰ দলটোক প্ৰকাশ গুপ্তাই নেতৃত্ব দিছিল ৷ MEA ৰ চাউথ ডিভিজনৰ লগতে ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ স্থায়ী মিছনৰ বিষয়াসকল আৰু হানৈৰ ভাৰতীয় দূতসকল ভাৰতীয় প্ৰতিনিধি দলটোৰ অংশ আছিল ৷