নেচনেল ডেস্ক,২৪ জুলাই: নতুন দিল্লীত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো, ভাৰতৰ (NCB) উদ্য়োগত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয় (India-US Counter narcotics Working Group in New Delhi)। নতুন দিল্লীত কাউণ্টাৰ নাৰ্কোটিক্স ৱৰ্কিং গ্ৰুপে (চিএনডব্লিউজি) উল্লেখ কৰা মতে, এনচিবিৰ সঞ্চালক প্ৰধান সত্য নাৰায়ণ প্ৰধানে ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে । আনহাতে, হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় ঔষধ নিয়ন্ত্ৰণ নীতিৰ সঞ্চালকৰ জ্যেষ্ঠ উপদেষ্টা কেম্প চেষ্টাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিয়ে (India US discuss on drug trafficking)।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলটোক বিদেশ বিভাগ আৰু ন্যায় বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে সহযোগ কৰে । আইন প্ৰৱৰ্তন, নীতি প্ৰণয়ন, ড্ৰাগছৰ চাহিদা হ্ৰাস আৰু অন্যান্য ড্ৰাগছ সম্পৰ্কীয় বিষয়ৰ বাবে দায়বদ্ধ প্ৰাসংগিক সংস্থাৰ প্ৰতিনিধি সকলে ড্ৰাগছৰ চাহিদা, নিচাজাতীয় সামগ্ৰী সৰবৰাহ, নিয়ন্ত্ৰক আৰু নিয়ন্ত্ৰণ প্ৰচেষ্টা আৰু প্ৰৱৰ্তন তথা অপৰাধমূলক অনুসন্ধানৰ ক্ষেত্ৰত সহযোগিতাৰ সৈতে সম্পৰ্ক থকা বিষয়ত আলোচনাত মিলিত হয় ।
উল্লেখ্য় যে, দুয়োপক্ষই ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত নিচা জাতীয় সামগ্ৰী নিয়ন্ত্ৰণ আৰু আইন প্ৰৱৰ্তন সহযোগিতাৰ ক্ষেত্ৰত এক সংশোধিত চুক্তি পত্ৰত স্বাক্ষৰ কৰে (Amended Letter of Agreement signed)। উক্ত বৈঠকত দুয়ো পক্ষই তেওঁলোকৰ নিজ নিজ দেশত ড্ৰাগছ সৰবৰাহৰ প্ৰচলিত পৰিস্থিতি সম্পৰ্কে উপস্থাপন কৰে । এনে সৰবৰাহ প্ৰতিহত আৰু জীৱন ৰক্ষাৰ প্ৰচেষ্টাৰ বিষয়েও আলোচনা কৰা হয় ।