অসম

assam

ETV Bharat / bharat

ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ সম্ভাৱনা - ক'ভিড

২০২৫ৰ ভিতৰত ভাৰত(India) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ(US)ৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য(Bilateral trade) ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী(Nitin Gadkari)য়ে এই কথা প্ৰকাশ কৰে । তেওঁ লগতে কয় যে, বিগত দুটা দশকত এই দ্বিপাক্ষিক বাণিজ্য ১৬ বিলিয়ন ডলাৰৰ পৰা ১৪৯ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে ।

India, US bilateral trade project
ভাৰত আমেৰিকাৰ দ্বিপাক্ষিক বাণিজ্য ৫০০ বিলিয়ন ডলাৰ হোৱাৰ সম্ভাৱনা আছে

By

Published : Sep 15, 2021, 11:20 AM IST

নেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ: ভাৰত(India) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ(US)ৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য(Bilateral trade) ক্ৰমান্বয়ে দুয়োখন দেশৰ বাণিজ্যিক ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে । কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী(Nitin Gadkari)য়ে মঙলবাৰে জনোৱা মতে, বিগত দুটা দশকত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য ১৬ বিলিয়ন ডলাৰৰ পৰা ১৪৯ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে । ২০২৫ৰ ভিতৰত এই দ্বিপাক্ষিক বাণিজ্য ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ মন্তব্য কৰে । ১৭ সংখ্যক ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক সন্মিলনত তেওঁ এই মন্তব্য কৰে ।

সন্মিলনত "বাউঞ্চিং বেক-ৰেচিলেন্সিভ ৰিকভাৰী পাথ পোষ্ট ক'ভিড-১৯" বিষয়ক আলোচনাত অংশ লৈ তেওঁ কয় যে, তেওঁ দৃঢ়ভাৱে বিশ্বাস কৰে যে ক'ভিড মহামাৰীয়ে মোক্ষম আঘাত দি যোৱাৰ পিছত অৰ্থনীতি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ দুয়োখন দেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

তেওঁ কয় যে, ১৯২০ চনত অৰ্থনীতিৰ শোচনীয় অৱস্থা হোৱাৰ পিছত এইবাৰ পুনৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ববাসীয়ে । তেওঁ লগতে কয়, অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ এক নতুন পথ উলিয়াবলৈ এক নতুন চিন্তা আৰু সৃষ্টিশীল কাৰ্যসূচী হাতত লোৱা প্ৰয়োজন । মহামাৰীমুক্ত ভাৰত গঢ়ি তুলিবলৈ বৰ্তমান ভাৰতত টীকাকৰণ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে বুলিও তেওঁ জনায় ।

তেওঁ লগতে কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিক সংখ্যক বিনিয়োগকাৰীয়ে ভাৰতৰ পথ আৰু ঘাইপথ প্ৰকল্পত বিনিয়োগ কৰিব বুলি তেওঁ আশা কৰিছে । তেওঁ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগকাৰীসকলক ভাৰতৰ পথ আৰু ঘাইপথৰ আন্তঃগাঁথনিত বিনিয়োগ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নতুন কাৰ্যালয়

ABOUT THE AUTHOR

...view details