ETV Bharat Assam

অসম

assam

ETV Bharat / bharat

হাফিজ ছাইদৰ বাসগৃহৰ ওচৰত আক্ৰমণ সন্দৰ্ভত পাকিস্তানৰ দাবীক নস্যাৎ ভাৰতৰ - অৰিন্দম বাগচী

লাহোৰৰ জোহৰ টাউনৰ ব'ৰ্ড অৱ ৰেভিনিউ (BOR) হাউচিং চ'চাইটিত জেইউডিৰ(JuD) মুৰব্বী হাফিজ ছাইদৰ বাসগৃহৰ বাহিৰত বোমা বিস্ফোৰণত ভাৰতীয় চোৰাংচোৱা জড়িত থকাৰ দাবী কৰিছিল পাকিস্তানে । পাকিস্তানৰ এই দাবী নস্যাৎ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰে পাকিস্তানক ।

India trashes Paks claim
হাফিজ ছাইদৰ বাসগৃহৰ ওচৰত আক্ৰমণ সন্দৰ্ভত পাকিস্তানৰ দাবীক নস্যাৎ ভাৰতৰ
author img

By

Published : Jul 8, 2021, 10:01 PM IST

নেশ্যনেল ডেস্ক,৮ জুলাই :২৩ জুনত লাহোৰৰ জোহৰ টাউনৰ ব'ৰ্ড অৱ ৰেভিনিউ (BOR) হাউচিং চ'চাইটিত জেইউডিৰ(JuD) মুৰব্বী হাফিজ ছাইদৰ বাসগৃহৰ বাহিৰত এটা শক্তিশালী গাড়ী বোমা বিস্ফোৰণ হোৱাৰ ফলত তিনিজন লোক নিহত আৰু ২৪ জন আহত হৈছিল । ইয়াৰ পিছতে পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মঃ ইউছুফে দেওবাৰে ইছলামাবাদত সাংবাদিকক কৈছিল যে আক্ৰমণৰ মূল সূত্ৰধাৰ এগৰাকী ভাৰতীয় নাগৰিক আৰু তেওঁ RAW ৰ সৈতে জড়িত । এই মন্তব্যৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (MEA) মুখপাত্ৰ অৰিন্দম বাগচী ।

পাকিস্তানৰ এনে প্ৰচাৰক ভিত্তিহীন আখ্যা দি বাগচীয়ে কয় যে পাকিস্তানে নিজৰ মাটিতে জন্ম হোৱা সন্ত্ৰাসবাদক নিয়ন্ত্ৰণ কৰা উচিত লগতে পাকিস্তান সন্ত্ৰাসবাদৰ ক্ষেত্ৰত বিশ্বজুৰি সমালোচিত বুলিও উল্লেখ কৰে বাগচীয়ে । সেয়ে ভিত্তিহীন প্ৰচাৰ বন্ধ কৰিবলৈ পাকিস্তানক সকীয়াই দিয়ে মুখপাত্ৰ গৰাকীয়ে । তেওঁ লগতে কয় যে পাকিস্তানী নেতৃত্বই ওচামা বিন লাদেনৰ দৰে সন্ত্ৰাসবাদীক 'শ্বহীদ' হিচাপে গৌৰৱান্বিত কৰি আহিছে ।

পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ভিত্তিহীন প্ৰচাৰত লিপ্ত হোৱাটো নতুন কথা নহয় । পাকিস্তানৰ মাটিতে জন্ম হোৱা সন্ত্ৰাসবাদ আৰু পাকিস্তানক সুৰক্ষিত স্থান হিচাপে বিচাৰি পোৱা সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে বিশ্বাসযোগ্য আৰু প্ৰমাণীকৰণযোগ্য ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত একে প্ৰচেষ্টা লোৱা উচিত বুলিও পাকিস্তানক সকীয়াই দিয়ে বাগচীয়ে । তেওঁ পাকিস্তানী এনএছএৰ দ্বাৰা উত্থাপিত অভিযোগৰ ওপৰত এনেদৰে মন্তব্য কৰা দেখা গ'ল ।

ইফালে পাকিস্তানী এনএছএয়ে অভিযোগ কৰিছিল যে ফৰেনচিক বিশ্লেষণৰ জৰিয়তে সন্ত্ৰাসবাদীসকলৰ পৰা উদ্ধাৰ কৰা ইলেক্ট্ৰনিক সঁজুলিবোৰ পৰীক্ষা কৰা হৈছে আৰু তেওঁলোকে এই সন্ত্ৰাসবাদী আক্ৰমণৰ মুখ্য মাষ্টাৰমাইণ্ড আৰু হেণ্ডলাৰসকলক চিনাক্ত কৰিছে আৰু এনএছএৰ(NSA) মতে ইয়াৰ মুখ্য মাষ্টাৰমাইণ্ড হৈছে RAW । উল্লেখ্য যে ২০১৯ চনৰ আগষ্টত ভাৰতে জম্মু আৰু কাশ্মীৰৰ বিশেষ ক্ষমতা প্ৰত্যাহাৰ আৰু ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পিছতে পাকিস্তানৰ লগত সম্পৰ্ক যথেষ্ট পৰিমাণে অৱনমিত হৈছে । পাকিস্তানে কাশ্মীৰ সমস্যাক আন্তঃৰাষ্ট্ৰীয়কৰণৰ বাবে সমন্বিত প্ৰচেষ্টা চলাই আহিছে । পাকিস্তানক অৱগত কৰা মতে ভাৰতে ইছলামাবাদৰ সৈতে সন্ত্ৰাস, শত্ৰুতা আৰু হিংসামুক্ত পৰিৱেশত স্বাভাৱিক চুবুৰীয়া সম্পৰ্ক বিচাৰে ।

লগতে পঢ়ক:মোডীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে দুই মন্ত্ৰীৰ পদত্যাগ

ABOUT THE AUTHOR

...view details