অসম

assam

ETV Bharat / bharat

India Fresh Covid Cases : দেশত বিগত 24 ঘণ্টাত প্ৰায় ১১ হাজাৰ ক’ভিড সংক্ৰমণ - India Covid infection rate increases

দেশত বিগত ২৪ ঘণ্টাত মুঠ ১১,১০৯ জন ক’ভিড ৰোগী ধৰা পৰিছে (India total covid cases last 24 hours) । এই সংখ্যা বৃহস্পতিবাৰৰ তুলনাত অতি বেছি । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 49,622, যিটো মুঠ সংক্ৰমণৰ 0.11 শতাংশ ।

Covid cases India
Covid cases India

By

Published : Apr 14, 2023, 1:56 PM IST

নিউজ ডেস্ক, ১৪ এপ্ৰিল:দেশত পুনৰ ৰঙাচকু দেখুৱাবলৈ আৰম্ভ কৰিছে ক’ভিডে (India covid 19 infection) । শেহতীয়া কিছুদিনত ক’ভিডৰ দৈনিক সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে । কেইবাখনো ৰাজ্যত সংক্ৰমণৰ হাৰ উদ্বেজনকভাৱে বৃদ্ধি পাইছে (India Covid infection rate increases) । ৰাজধানী দিল্লীত ক’ভিড সংক্ৰমণৰ হাৰে পুনৰবাৰ চিন্তিত কৰি তুলিছে । আনহাতে, শেহতীয়া দিনকেইটাত কোভিডত মৃত্যুৰ সংখ্যাও দেশত বৃদ্ধি পাইছে (India total covid cases last 24 hours) ।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা দৈনিক স্বাস্থ্য বুলেটিন অনুসৰি, ভাৰতত বিগত 24 ঘণ্টাত কোভিড-19 সংক্ৰমণৰ 11,109 টা নতুন ঘটনা নথিভুক্ত কৰা হৈছে । এই সংখ্যা বৃহস্পতিবাৰৰ তুলনাত অতি বেছি । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 49,622, যিটো মুঠ সংক্ৰমণৰ 0.11 শতাংশ (covid cases increases in India) ।

আনহাতে, দেশত বিগত 24 ঘণ্টাত কৰোনাৰ পৰা 6,456 জন আৰোগ্য হৈ উঠিছে । ইয়াকে লৈ মুঠ সুস্থ হোৱা ৰোগীৰ সংখ্যা 4,42,16,583 লৈ বৃদ্ধি পাইছে । দৈনিক পজিটিভিটিৰ হাৰ হৈছে ৫.০১ শতাংশ আৰু এই ক্ষেত্ৰত সাপ্তাহিক হাৰ হৈছে ৪.২৯ শতাংশ । সুস্থ হোৱাৰ হাৰ বৰ্তমান ৯৮.৭০ শতাংশ । ইফালে বিগত 24 ঘণ্টাত 467 টা ক’ভিড টীকাৰ পালি প্ৰদান কৰাৰ পিচত দেশজুৰি টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে মুঠ 220.66 কোটি মুঠ ভেকছিন পালি (95.21 কোটি দ্বিতীয় পালি আৰু 22.87 কোটি সাৱধানতা পালি প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে এতিয়ালৈকে মুঠ 92.37 কোটি ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে । ইয়াৰে ভিতৰত বিগত 24 ঘণ্টাত 2,21,725 টা পৰীক্ষা কৰা হয় । আনহাতে, বৰ্তমানলৈকে কৰা মুঠ পৰীক্ষাৰ সংখ্যা 92.37 কোটিলৈ বৃদ্ধি হৈছে । উল্লেখ্য যে বৃহস্পতিবাৰে ভাৰতত 10,158 টা নতুন ক’ভিড-19 ঘটনা পঞ্জীয়ন হৈছে, যিটো বুধবাৰৰ তুলনাত 30 শতাংশ অধিক । শেহতীয়াকৈ ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ মাজতে, চিকিৎসা বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে নতুন এক্সবিবি 1.16 প্ৰকাৰটোৱে মানুহৰ ৰোগ প্ৰতিৰোধ প্ৰণালীত আঘাত কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক চাৰি সপ্তাহ অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক :Goa Police summons Kejriwal : ৰাজহুৱা সম্পত্তি বিকৃতিকৰণ; কেজৰিৱাললৈ চমন গোৱা আৰক্ষীৰ

ABOUT THE AUTHOR

...view details