নেশ্যনেল ডেস্ক , 25 ছেপ্টেম্বৰ :অক্টোবৰৰ শেষৰ ফাললৈ ভাৰতে Johnson and Johnsonৰ 8 নিযুত পালিৰো অধিক ক'ভিড প্ৰতিষেধক উপলব্ধ কৰিব ৷ বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলা(Harsh Vardhan Shringla)ই সদৰী কৰা মতে, Quad vaccine অংশীদাৰিত্বৰ অধীনত Johnson and Johnsonৰ প্ৰতিষেধকসমূহ উপলব্ধ হ'ব ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোৱাড সন্মিলনত এই সন্দৰ্ভত এই ঘোষণা কৰিছে বুলি শ্ৰীংলাই জানিবলৈ দিয়ে ৷ তেওঁ কয়, "কোৱাড সদস্যসকলে ক'ভিড অতিমাৰীৰ সৈতে মোকাবিলা কৰিব পৰা কাৰকসমূহৰ বুজ লৈছিল আৰু এই মুহূৰ্তত যুটীয়া প্ৰতিষেধকেই একমাত্ৰ ফলপ্ৰসূ উপায় হিচাপে বিবেচিত হৈছে" ৷
বৈদেশিক সচিবগৰাকীৰ মতে, ভাৰতকে ধৰি কোৱাড ৰাষ্ট্ৰসমূহে (Quad nations) সমূহে এই প্ৰতিষেধকৰ বাবে পৰিশোধ কৰিব ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপানৰ নেতাসকলে ৱাশ্বিংটনত প্ৰথমখন ব্যক্তিগত কোৱাড নেতাৰ বৈঠক(first in-person Quad leaders meeting) অনুষ্ঠিত কৰে ৷ বৈঠকত তেওঁলোকে ক'ভিড-১৯ অতিমাৰী নিয়ন্ত্ৰণৰ বাবে একেলগে কাম কৰাৰ বাবে পুনৰ প্ৰতিশ্ৰুতিবদ্ধ হয় ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা মন্তব্য অনুসৰি, অক্টোবৰৰ শেষৰ ফালে ভাৰতে Johnson and Johnsonৰ 8 নিযুত প্ৰতিষেধক উপলব্ধ কৰিব ৷ উল্লেখ্য যে, কোৱাডে এই প্ৰতিষেধকৰ বাবে পৰিশোধ কৰিব আৰু ভাৰতেও এক নিৰ্দিষ্ট অংশ বহন কৰিব ৷